কামৰূপ, 1 মে: লক্ ডাউনৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ ট্ৰেক্টৰ বিতৰণ কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই । জিলাখনত দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাখন মুকলি কৰি কৃষকসকল উপকৃত হ'ব বুলিও প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে ।
ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত কামৰূপ জিলা উন্নয়ন আয়ুক্ত টকেশ্বৰ দাসে আঁচনিখনৰ যোগেদি লাভ কৰা ট্ৰেক্টৰৰ জৰিয়তে ১০০৬ খন গাঁৱৰ লোক উপকৃত হ'ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে । সমগ্ৰ জিলাখনৰ ৪৫৬ টা আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ কৰা বাবে বাচনি কৰা হয় যদিও ইয়াৰে ২৯০ গৰাকীক প্ৰথম পৰ্যায়ত ট্ৰেক্টৰ সমূহ প্ৰদান কৰা হৈছিল । বাকী থকা ১৬৬ টা আত্মসহায়ক গোটক আগন্তুক সময়ত ট্ৰেক্টৰ সমূহ বিতৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে ।