ETV Bharat / state

বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : May 28, 2020, 7:31 PM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ লোকৰ বাবে 25 মে’ৰ পৰা পুনৰ ঘৰুৱা বিমান সেৱা আৰম্ভ হোৱা বুলি ঘোষণা কৰে ৷ লগতে চিকিৎসা কৰ্মী আৰু পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলৰক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজাৰা, 28 মে’: বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিমানবন্দৰৰ পৰা পৰিবহন বিভাগে 200 খন বাহনৰ যোগান ধৰা বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লক ডাউন অব্যাহত থকাৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ লোকৰ বাবে 25 মে’ৰ পৰা পুনৰ আৰম্ভ হৈছে ঘৰুৱা বিমান সেৱা ।

25 মে’ৰ পৰা বৰ্তমানলৈ 38 খন বিমানত 3428 জন যাত্ৰী আহিছে আৰু 1190জন যোৱা বুলি মুখ্যমন্ত্ৰী সোণোৱালে সদৰী কৰে । লগতে চিকিৎসা কৰ্মী আৰু পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে যি ধৰণে কাম কৰি আছে তাৰ বাবে শ্ৰদ্ধা জনাইছে তেওঁ ।

আনহাতে, এই বিমানসেৱা মুকলি কৰাৰ পিছত বৰ্তমানলৈ কামৰূপ জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা প্ৰায় 200 খন বাহন যাত্ৰীৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হৈছে । বাহনসমূহৰ জৰিয়তে যাত্ৰীসকলক ৰাজ্যৰ বিভিন্ন জিলালৈ পঠিওৱা হৈছে বুলি কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়ে ।

কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসৰ ভাষ্য

লগতে পঢ়ক: বদৰপুৰত চৰগোলা ঘোৰামাৰা গাওঁ পঞ্চায়তত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.