ETV Bharat / state

অংগণবাড়ী কেন্দ্ৰ মুকলি কৰি কণমানিহঁতৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 23, 2022, 7:53 PM IST

ৰংমহল আঠগাঁৱত আদৰ্শ অংগণবাড়ী কেন্দ্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Model Anganwadi centre at Rangmahal)৷ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি প্ৰত্যেককে উপহাৰো প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Model Anganwadi centre at Rangmahal
অংগণবাড়ী কেন্দ্ৰ মুকলি কৰি কণমানিহঁতৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ

বাইহাটা চাৰিআলি, 23 আগষ্ট: মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰাকীয়ে পৰিদৰ্শন কৰে উত্তৰ গুৱাহাটী ৰংমহল হাইস্কুলৰ নৱনিৰ্মিত বিল্ডিং ৷ ইয়াৰোপৰি ৰংমহল আঠগাঁৱত আদৰ্শ অংগণবাড়ী কেন্দ্ৰও মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Model Anganwadi centre at Rangmahal)। নৱনিৰ্মিত বিল্ডিংটোত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি প্ৰত্যেককে উপহাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি উত্তৰ গুৱাহাটীৰ আন কেইবাটাও কাৰ্যসূচীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । উত্তৰ গুৱাহাটীৰ পুৰাণপ্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ত (Dirgheshwari temple Guwahati) উপস্থিত হৈ দীৰ্ঘেশ্বৰী মাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দীৰ্ঘেশ্বৰী দেৱালয়ৰ দক্ষিণা কালি মহাযজ্ঞৰ লগত সংগতি ৰাখি প্ৰকাশিত ‘মা দীৰ্ঘেশ্বৰী’ শীৰ্ষক এখন স্মৰণিকা উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জেহাদীৰ সম্পৰ্কত সোধা এক প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ মুছলমান সমাজে চৰকাৰক সহযোগ কৰিছে । অসমলৈ বাহিৰৰ পৰা কোনো ইমাম আহিলে স্থানীয় ৰাইজে প্ৰথমে আৰক্ষী থানাত জনাব লাগিব । আৰক্ষীয়ে পৰীক্ষা কৰাৰ পাছতহে গাঁৱৰ মানুহে ইমামজনক নিযুক্তি দিব পাৰিব (CM Himanta Biswa Sarma on Jihadi)।

ৰাজ্য চৰকাৰে এনেকুৱাধৰণৰ সকলো তথ্য এটা পৰ্টেলত আবদ্ধ কৰি ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । আনহাতে ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে CBSC আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় একেই প্ৰাংগণত এপ্ৰিল মাহত শুভাৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ২৯ আগষ্টত কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ব লাগিব মনীষ চিছোদিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.