দক্ষিণ কামৰূপ, 5 জানুৱাৰী : নিজম হৈ পৰিল চানডুবিৰ বুকু ৷ কিয়নো 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা চানডুবি মহোৎসৱৰ যোৱা নিশা অন্ত পৰিল ৷ নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 4 দিনীয়া বনাৰ্ঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছিল চানডুবি মহোৎসৱ ৷ প্ৰতিদিনে ভিৰ কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে ৷
![closing-ceremony-of-chanddubi-festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10126566_y.jpg)
![closing-ceremony-of-chanddubi-festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10126566_aa.jpg)
উল্লেখ্য যে, 1 জানুৱাৰীৰৰ পৰা 4 জানুৱাৰীলৈ অনুষ্ঠিত হোৱা চানডুবি মহোৎসৱখনি আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । তাৰ পিচতে আৰম্ভ হৈছিল একাদশ বাৰ্ষিক চানডুবি মহোৎসৱ । চানডুবি মহোৎসৱতে নিতৌ প্ৰতিফলিত হৈছিল ৰাভা জাতীয় কৃষ্টি-সংস্কৃতি ।
![closing-ceremony-of-chanddubi-festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10126566_qq.jpg)
বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে এই চানডুবি মহোৎসৱ । চানডুবি মহোৎসৱলৈ অহা প্ৰত্যক গৰাকী লোকক প্ৰৱেশৰ সময়তে হাতত চেনিটাইজাৰ ঘহি প্ৰৱেশ কৰিবলৈ দিছিল আয়োজক সমিতিয়ে । চানডুবি মহোৎসৱত টঙিঘৰ,ৰাভা জাতীয় কৃষ্টি-সংস্কৃতি,দৈনিক জীৱন শৈলী,শিল্পীৰ প্ৰতিভাকে ধৰি চানডুবিৰ বুকুত নৌকা বিহাৰ,গাহৰি পোৰা,কেকোৰা পোৰা,মাছ পোৰা আদিকে ধৰি জনজাতীয় খাদ্য তথা সাজপাৰৰ সমাহাৰ ঘটিছিল । প্ৰতি দিনাই বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহোৎসৱখনিৰ যোৱা নিশা কেম্প ফায়াৰ'ৰে সামৰণি পৰে । সকলোৱে জুইৰ চৌপাশে নাচি বাগি বিদায় দিয়ে চানডুবি মহোৎসৱক ।
উল্লেখনীয় যে,চৰকাৰৰ অৱহেলাৰ বাবে পৰ্যটনস্থলী হিচাপে পৰিগণিত চানডুবিৰ লগতে ইয়াৰ সমীপৱৰ্তী লোকে উন্নয়নৰ মুখ নেদেখাৰ বাবে চৰকাৰলৈ বাট নাচাই চানডুবিৰ বাকৰিত বিগত 10 টা বছৰৰ পৰাই উৎযাপিত কৰি আহিছে চানডুবি মহোৎসৱ ।
![closing-ceremony-of-chanddubi-festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10126566_b.jpg)
![closing-ceremony-of-chanddubi-festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10126566_l.jpg)
লগতে পঢ়ক : বোকাজানৰ 4বছৰীয়া প্ৰকৃতি বৰাৰ সাফল্যঃ ইণ্ডিয়া বুক অফ ৰেকৰ্ডচত নাম সন্নিৱিষ্ট