ETV Bharat / state

ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত - কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদে

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদে আহ্বান কৰা ভাৰত বন্ধৰ কম-বেছি পৰিমানে প্ৰভাৱ দেখা গ’ল সকলোতে ৷

CITU Bharat bandha everywhere
ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত
author img

By

Published : Jan 9, 2020, 6:09 AM IST

বকো, 8 জানুৱাৰীঃ বুধবাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদে আহ্বান কৰা ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গ’ল সকলোতে ৷ কামৰূপৰ বকোতো পালন দেশজুৰি পালন কৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ ৷ বকোৰ শনিবৰীয়া বজাৰ প্ৰাংগনত CITU ৰ দক্ষিণ কামৰূপ জিলা সমিটিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ CITU ৱে নিজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ তথা CAA ৰ তীব্ৰ বিৰোধিতা কৰে ৷ ইয়াৰোপৰি JNU কাণ্ডৰ তীব্ৰ নিন্দা কৰি বিজেপি চৰকাৰক তুলাধুনা দিয়ে।

ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত

গোৱালপাৰাঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী পৰিষদৰ ভাৰত বন্ধৰ সামান্য প্ৰভাৱ দেখা গ’ল গোৱালপাৰাতো ৷ বন্ধৰ লগতে অব্যাহত থাকিল প্ৰতিবাদ ৷ এই বন্ধৰ সময়চোৱাত জিলাখনৰ লগতে চহৰতো আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰা পৰিলক্ষিত হয়। আনহাতে এই বন্ধত বিভিন্ন শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় খোলা থাকে কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আংশিকভাবেহে খোলা দেখিবলৈ পোৱা যায়। ইয়াৰোপৰি ব্যক্তিগত যান-বাহন চলাচল দেখা পোৱা যায় যদিও ৰাজহুৱা বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হয়। ইফালে বন্ধৰ সময়ছোৱাত চি.আই.টি.ইউ সদস্যসকলে ৰাজপথত প্রতিবাদী কাৰ্যসূচীৰে পৰিৱেশ উত্তাল কৰি তোলে। বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে ৰাজপথ। লগতে বিজেপি চৰকাৰে দেশ গঢ়াৰ পৰিৱৰ্তে দেশ বিক্ৰী কৰি আছে তাৰ প্ৰতিবাদতে সকলোৱে ৰাজপথত ওলাই আহিবলগীয়া হৈছে বুলিও মন্তব্য কৰে।

ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত

শিলচৰঃ দেশজুৰি পালন কৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ প্ৰভাৱ দেখা গ’ল শিলচৰতো ৷ বুধবাৰে পুৱাৰে পৰা প্ৰতিখন ঠাইতে বজাৰ দোকান সকলো বন্ধ থকা পৰিলক্ষিত হয় ৷ ৰাজপথতো যান-বাহনৰ চলাচলো দেখা গ’ল সেৰেঙা ৷ শিলচৰ চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত দেখা গ’ল কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ বন্ধ সমৰ্থকে কৰা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় 100 জন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ ৰাজ্যত

আৰু পঢ়কঃভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

Intro:Body:কেন্দ্ৰীয় ট্ৰেডইউনিয়ন আৰু কৰ্মচাৰী পৰিষদে আহ্বান কৰা দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী আজি বকোতো পালন কৰে৷ বকোৰ শনিবৰীয়া বজাৰ প্ৰাংগনত CITU ৰ দক্ষিণ কামৰূপ জিলা সমিটিৰ উদ্দোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ CITU দিৰ্ঘদীনিয়া দাৱীসমুহ পুৰণ কৰাৰ লগতে CAA বিৰোধিতা কৰে। JNU কাণ্ডৰ তীব্ৰ নিন্দা কৰি বিজেপি চৰকাৰক তুলাধূনা দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.