ETV Bharat / state

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়কঃ কুইন ওজা

বিজেপি শাসনৰ গাদীত অধিষ্ঠিত হ'লেই গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ নাগৰিকত্ব বিধেয়ক প্ৰৱৰ্তন কৰিবলৈ দৃঢ় পৰিকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়ক
author img

By

Published : Apr 12, 2019, 3:45 PM IST

আজাৰা,12 এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই অসমীয়ালৈ শব্দবান কুইন ওজাৰ ৷ কেন্দ্ৰত মোডীয়ে শাসনভাৰ পুনৰ দখল কৰিলেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি নিৰ্বাচনী প্ৰচাৰৰ মাজতেই উল্লেখ কৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

নিৰ্বাচনৰ ফলাফলৰ পাচতেই গৃহীত হ'ব নাগৰিকত্ব বিধেয়ক

শুকুৰবাৰে দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা ৷ পলাশবাৰী বিধানসভা সমষ্টিত উপস্থিত হৈ মোডীৰ জয়গান গাই দক্ষিণ কামৰূপবাসীক কেৱল বিজেপিত ভোটদান কৰিবলৈ আহ্বান জনাই কুইন ওজাই ৷

শিলচৰৰ জনসভাত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ কোনো সুৰুঙা নাৰাখে বুলি কোৱা কথাতো হয়ভৰ প্ৰদান কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ লোকসভা নিৰ্বাচন সুকলমে সম্পন্ন হোৱাৰ পাচতেই নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিশদভাৱে আলোচনা কৰা হ'ব বুলিও সাংবাদিকক জনাই কুইন ওজাই ৷ মোডীয়ে শাসনভাৰ পুনৰ দখল কৰাৰ পাচতেই নাগৰিকত্ব বিধেয়ক প্ৰণয়ন কৰা হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷ অৱশ্যে অসমীয়াৰ স্বাৰ্থ কোনো কাৰণতে বিঘ্নিত হ'বলৈ নিদিয়ে বুলিও প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷

Slug:-A_Kam_queen_oja_at_palashbari_801-802_vis+bite+photo_Ajay_Das

গৃহীত হ'ব নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক ? কি ক'লে কুইন ওজাই ।

Vo..দক্ষিণ কামৰূপত বিভিন্ন প্ৰান্তত আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে কুইন ওজা পলাশবাৰী বিধানসভা সমষ্টিত উপস্থিত হয় । পলাশবাৰী সমষ্টিৰ কেইখনমান বজাৰ,মন্দিৰত গৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ হৈ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰা কুইন ওজাই । নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক ভোট দিবলৈ অনুৰোধ জনাই নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধান মন্ত্ৰী হ'বলৈ সংসদৰ সংখ্যা বেছি হ'ব লাগিব বুলি মন্তব্য কৰে । আনহাতে মোডীয়ে যোৱাকালি নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিব বুলি কোৱাত কুইন ওজাই নিৰ্বাচনৰ পিছত সকলোবোৰ কথা আলোচনা কৰা হ'ব বুলি কৈ অসমীয়াৰ স্বাৰ্থ বিঘিন্ন হোৱা কোনো কাম নকৰে বুলি মন্তব্য কৰে যদিও শেষত বিলখন সংশোধনী হ'বও পাৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । মুঠতে কুইন ওজাৰ মন্তব্যত এয়া স্পষ্ট হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হবও । বিধেয়ক গৃহীত হ'লে  জ্বলিব নেকি অসম সেয়া সময়হে ক'ব ।

Bite .. কুইন ওজা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.