ETV Bharat / state

পদুলিলৈ ওলাই আঁহোতেই নোহোৱা হ’ল এটি শিশু

author img

By

Published : Jul 20, 2021, 7:56 PM IST

ঘৰৰ পদূলিৰ পৰাই শিশুক অপহৰণ কৰি লৈ যোৱাৰ দৰে ভয়ানক কাণ্ড সংঘটিত হৈছে ৰাজ্যত ৷ সোমবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পাৰ্ল্লী সদিলাপুৰৰ হৰি কলিতা আৰু জুনু কলিতাৰ ছয় বছৰীয়া পুত্ৰ কৌশিক কলিতাই পদুলিমুখত খেলি থকা সময়তেই ক'লা ৰঙৰ ৱেগনাৰ এখনৰে অহা দুৰ্বৃত্তৰ দল এটাই গাড়ীখনত ভৰাই লৈ যোৱাৰ ঘটনাই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে ৷

child-kidnap-case-in-palashbari
দক্ষিণ কামৰূপৰ পলাশবাৰীত পদুলিৰ পৰাই শিশু অপহৰণ কৰি লৈ গ’ল দূৰ্বৃত্তই

ছয়গাঁও ১৯ জুলাই : দক্ষিণ কামৰূপৰ পলাশবাৰীৰ পাৰ্ল্লী সদিলাপুৰত দিন দুপৰতে এক শিশু অপহৰণ(child kidnap) কাণ্ড সংঘটিত হৈছে । সোমবাৰে, দুপৰীয়া পদুলিমুখৰ পৰাই চাৰিচকীয়া বাহনত উঠাই শিশুটিক লৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । অঞ্চলটোৰ হৰি কলিতা আৰু জুনু কলিতাৰ ছয় বছৰীয়া পুত্ৰ কৌশিক কলিতাই পদুলিমুখত খেলি থকা সময়তেই ক'লা ৰঙৰ ৱেগনাৰ এখনৰে অহা দুৰ্বৃত্তৰ দল এটাই গাড়ীখনত ভৰাই লৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালৰ লোকে জনোৱা মতে, অপহৃত শিশুটোৱে ভালকৈ কথা ক’ব নোৱাৰে ৷

বৰ্তমান পৰ্যন্ত অপহৃত ছয় বছৰীয়া কৌশিক কলিতাৰ শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে । প্ৰকৃততে, কণমানি ল’ৰাটো নিখোজ হোৱাৰ আৰত অপহৰণ নে অইন কিবা ঘটনা জড়িত হৈ আছে সেয়া আৰক্ষীৰ তদন্ততহে ওলাই পৰিব । ইতিমধ্যে, আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছে যদিও কোনোধৰণৰ সম্ভেদ লাভ কৰিব পৰা নাই ।

নিজ পুত্ৰ কৌশিক কলিতাক যিয়ে অপহৰণ কৰিছে তেওঁলোকক অতি সোনকালে শিশুটোক ঘূৰাই দিয়াৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে । উল্লেখ্য যে, ভালকৈ মাত-বোল কৰিব নোৱাৰা শিশুটি উৎপতীয়া স্বভাৱৰ হোৱা বাবে মাকে ঘৰতে প্ৰায়েই আবদ্ধ কৰি ৰাখিছিল বুলিও জানিবলৈ দিয়ে । কিন্তু, সোমবাৰে শিশুটিয়ে নিজেই পদুলিমুখলৈ ওলাই অহাৰ পিছতেই এই অপহৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷

স্মৰ্তব্য যে, শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে নানা ধৰণৰ অপৰাধ জনিত ঘটনা ৷ মানৱ শৰীৰৰ অংগ বিক্ৰী কৰা চক্ৰ(illegal organ traders) সমগ্ৰ অসমত সক্ৰিয় হৈ থকাৰ খবৰে নিতৌ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ একেদৰে মানৱ সৰবৰাহ(human trafficker) কিম্বা শিশু সৰবৰাহকাৰী(child trafficker) চক্ৰটোৱেও দীৰ্ঘদিন ধৰি ৰাজ্যত অপহৰণ জনিত ঘটনা সংঘটিত কৰি আহিছে ৷ যাৰ ফলত ৰাজ্যখনৰ শিশু বহিঃ ৰাজ্যত উদ্ধাৰ হোৱাৰ দৰে ঘটনাও একাধিক বাৰ সংঘটিত হৈছে ৷

লগতে পঢ়ক : ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.