ETV Bharat / state

নৈ পাৰত খেলি থাকোতেই সোঁতত উটি গ'ল পাঁচবছৰীয়া শিশু ! - rescue operation

পুঠিমাৰী নৈৰ প্ৰবল সোঁতে উটুৱাই নিলে এটি পাঁচ বছৰীয়া কন্যা শিশু ৷ SDRF বাহিনীয়ে অভিযান চলাইও কোনো সন্ধান পোৱা নাই শিশুটিৰ ৷

puthimari river
puthimari river
author img

By

Published : Jun 3, 2020, 4:33 AM IST

ৰঙিয়া, 3 জুন : ৰঙিয়াৰ তিতকুৰিত পুঠিমাৰী নৈৰ পাৰত খেলি থকা অৱস্থাতে নদীত পৰিল এটি পাঁচ বছৰীয়া কন্যা শিশু । পুঠিমাৰী নৈৰ প্ৰবল সোঁতে উটুৱাই নিয়াৰ সন্দেহ কন‍্যা শিশুটিক। ১ নং তিতকুৰি গাঁৱৰ তৰিফ আলীৰ একমাত্ৰ সন্তান আছিল টিনা চুলতানা নামৰ কন্যগৰাকী । স্থানীয় লোকে নদীত বিচাৰ-খোচাৰ কৰাৰ পিচতো উদ্ধাৰ কৰিব নোৱাৰিলে টিনাক। লগে লগে খবৰ দিয়া হয় SDRF বাহিনীক ।

নৈ পাৰত খেলি থাকোতেই সোঁতত উটি গ'ল পাঁচবছৰীয়া শিশু !

SDRF বাহিনীয়ে পুঠিমাৰী নৈত উদ্ধাৰৰ বাবে এফালৰ পৰা উদ্ধাৰ অভিযান চলায়। কিন্তু সন্ধিয়া হোৱাৰ বাবে আধাতে সামৰিব লগা হ'ল উদ্ধাৰ অভিযান । কোনো শুং সূত্ৰ উলিয়াব পৰা নগ'ল শিশুটিৰ । একাংশৰ সন্দেহ হয়তো পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে বহু দূৰলৈ উটুৱাই নিছে শিশুটিক। এই মৰ্মান্তিক ঘটনাত সমগ্র অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : লাহৰীঘাটত লুইতৰ খহনীয়াৰ কালৰূপ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.