গুৱাহাটী, 15 জুন: ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন দিশত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ইতিমধ্যে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ শিক্ষিত নিবনুৱাক চাকৰি দিয়াৰ যো-যা চলাইছে চৰকাৰখনে ৷ সমন্তৰালকৈ মীনপালন,গাহৰি পালন, হাঁহ কুকুৰা পালন কৰা লোক সকলৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো বিভাগীয় মন্ত্ৰী তথা শীৰ্ষ বিষয়া সকলক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷
চৰকাৰৰ 'ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ' আঁচনিৰ অধীনৰ সকলো পুখুৰীক অধিক কাৰ্য্যক্ষম কৰি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত মীন বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ এক বিস্তৃত পৰ্যালোচনা কৰে । লগতে বিভাগটোক অধিক সক্ৰিয়তাৰে আগবঢ়াৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ অৱতাৰনা কৰে ।
ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন দিশত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে ৷ ইতিমধ্যে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ শিক্ষিত নিবনুৱাক চাকৰি দিয়াৰ যো-যা চলাইছে চৰকাৰখনে ৷ সমন্তৰালকৈ মীনপালন,গাহৰি পালন, হাঁহ কুকুৰা পালন কৰা লোক সকলৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো বিভাগীয় মন্ত্ৰী তথা শীৰ্ষ বিষয়া সকলক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷
মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক 'ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ' আঁচনিৰ অধীনৰ সকলো পুখুৰীক অধিক কাৰ্য্যক্ষম কৰি তোলাৰ বাবে জিঅ’ টেগ প্ৰণালী ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰে। মুখ্যমন্ত্রীয়ে নতুন উৎপাদন প্ৰকল্প স্থাপন আৰু যুৱ প্ৰজন্মৰ দক্ষতা বিকাশত গুৰুত্ব প্ৰদানৰ লগতে চাহিদা আৰু যোগানৰ ব্যৱধান পূৰণৰ ক্ষেত্ৰত মাছৰ খাদ্যৰ উৎপাদন বৃদ্ধিৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিবলৈও বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে লগতে ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত প্ৰতিখন গাঁৱত ৰাজহুৱাভাৱে ডাঙৰ পুখুৰী আৰু এম জি এনৰেগাৰ অধীনত ব্যক্তিগত পুখুৰী বিকশিত কৰাৰ লগতে জলাশয়সমূহত মাছৰ প্ৰজনন আৰু প্ৰতিপালনৰ বিভিন্ন দিশসমূহ চিনাক্ত কৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰে। উক্ত বৈঠকত মীন বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিত থাকে।