ETV Bharat / state

একাংশ ব্যতিক্ৰমী মহিলা আৰু এখন বিশেষ আঁচনি - UKIAM

এই আঁচনিয়ে সাঙুৰি লৈছে ২৪ খন গাঁৱৰ ১৫০০ গৰাকী মহিলাক । ইতিমধ্যে শ শ মহিলাই এই বিশেষ আঁচনিৰ প্ৰচেষ্টাৰে আৰম্ভ কৰি দিছে কৃষি বিপ্লৱ ।

একাংশ ব্যতিক্ৰমী মহিলা আৰু এখন বিশেষ আঁচনি
author img

By

Published : May 22, 2019, 8:19 PM IST

ছয়গাঁও,২২ মে' : কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী উকিয়াম অঞ্চলত এই সকল মহিলাই কৃষি কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন ।

তেঁওলোকৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰজাতিৰ কৃষি ।ছয়গাঁৱৰ এই ভিতৰুৱা জনজাতীয় এলেকাৰ মহিলা সকলক মূলতঃ এই কৃষি কৰ্মৰ বাবে অনুপ্ৰেৰণা যোগাইছে ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৱে ৷ ইণ্ডিগ’ এয়াৰলাইনচ্ নামৰ প্ৰতিষ্ঠানটোৰ এটি প্ৰকল্পৰ অধীনত তথা গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত মহিলা সকলৰ উন্নতিৰ বাবে আৰম্ভ কৰা এই প্ৰকল্পটোত প্ৰধানতঃ হালধি, জালুক,আদা আৰু ভোট জলকীয়াক মূল শস্য হিচাপে লৈ ,নাৰ্চাৰীৰ জৰিয়তে আৰু বিভিন্ন শস্য তথা সামগ্ৰী উৎপাদনৰ লক্ষ্য লোৱা হৈছে ৷

একাংশ ব্যতিক্ৰমী মহিলা আৰু এখন বিশেষ আঁচনি

ইতিমধ্যে প্ৰায় ১০ টা মহিলা গোটে আদা,জালুক,হালধি আৰু ভোটজলকীয়া উৎপাদন কৰাৰ লগতে নাৰ্চাৰীৰ যোগেৰে তামোল,নেমুটেঙাৰ পুলিৰ লগতে বিভিন্ন ফল মূলৰ পুলি উৎপাদন কৰিছে ৷ আনহাতে ইণ্ডিগ’ৰ আঁচনিৰ অধীনত কেচুসাৰ উৎপাদন কৰাৰ লগতে কৃষিকৰ্মত ব্যৱহাৰ কৰাৰ বাবে ক্ষুদ্ৰ পানীযোগান আঁচনিৰো ব্যৱস্থা কৰি দিছে ৷

Intro:কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী উকিয়াম অঞ্চলত এজাক মহিলাই আৰম্ভ কৰিছে সেউজ বিপ্লৱ ৷ শ শ মহিলাই কৃষি কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন ৷Body:ছয়গাঁও ২২ মে’ : কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী ছয়গাঁৱৰ উকিয়াম অঞ্চলত একাংশ মহিলাই আৰম্ভ কৰিছে সেউজ বিপ্লৱ ৷ অঞ্চলটোৰ শ শ মহিলাই কৃষি কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন ৷ উল্লেখ্য যে ছয়গাঁৱৰ এই ভিতৰুৱা জনজাতীয় এলেকাৰ মহিলা সকলক মূলত এই কৃষি কৰ্মৰ বাবে অনুপ্ৰেৰণা যোগাইছে ছয়গাঁৱৰ গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৱে ৷ জানিবপৰামতে ইণ্ডিগ’ এয়াৰলাইনচ্ নামৰ প্ৰতিষ্ঠানটোৰ এটি প্ৰকল্পৰ অধীনত তথা গ্ৰামীণ চাহাৰা নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত মহিলা সকলৰ উন্নতিৰ বাবে আৰম্ভ কৰা এই প্ৰকল্পটোত প্ৰধানত চাৰিবিধ মচলা জাতীয় শস্য যেনে হালধি, জালুক,আদা আৰু ভোট জলকীয়াৰ উপৰি নাৰ্চাৰীৰ জৰিয়তে বিভিন্ন শস্য তথা সামগ্ৰী উৎপাদনৰ লক্ষ্য লোৱা হৈছে ৷ সীমান্তৱৰ্তী এলেকাৰ কেইবাটাও মহিলা গোটক ইণ্ডিগ’ এয়াৰলাইনচৰ অৰ্থ সাহায্যৰে বিভিন্ন শস্য তথা সামগ্ৰী উৎপাদন কৰা হৈছে ৷ ইতিমধ্যে প্ৰায় ১০ টা মহিলা গোটে আদা,জালুক,হালধি আৰু ভোটজলকীয়া উৎপাদন কৰাৰ লগতে নাৰ্চাৰীৰ যোগেৰে তামোল,নেমুটেঙাৰ পুলিৰ লগতে বিভিন্ন ফল মূলৰ পুলি উৎপাদন কৰিছে ৷ আনহাতে ইণ্ডিগ’ৰ আঁচনিৰ অধীনত কেচুসাৰ উৎপাদন কৰাৰ লগতে কৃষিকৰ্মত ব্যৱহাৰ কৰাৰ বাবে ক্ষুদ্ৰ পানীযোগান আঁচনিৰো ব্যৱস্থা কৰি দিছে ৷ Conclusion:byte_মহিলা
গ্ৰামীণ চাহাৰাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে ইণ্ডিগ’ এয়াৰলাইনচৰ এই প্ৰকল্পৰ অধীনত ২৪ খন গাঁৱৰ ১৫০০ মহিলাক সামৰি লোৱা হৈছে ৷ এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ পৰিয়ালৰ বছৰত ডেৰ লাখ টকা উপাৰ্জনৰ লক্ষ্যও লোৱা হৈছে ৷ এই প্ৰকল্পটোত প্ৰতিষ্ঠানটোৱে ১ কোটি ২১ লাখ টকা খৰছ কৰাৰ পৰিকল্পনা লোৱা বুলিও গ্ৰামীণ চাহাৰা কৰ্তৃপক্ষই জানিবলৈ দিছে ৷বৰ্তমান উকিয়ামৰ মহিলা সকলে উৎপাদন কৰা হালধি আৰু আদা সমূহ চুবুৰীয়া ৰাজ্য মণিপুৰলৈ চালান দিব বুলিও জানিবলৈ দিয়ে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.