ETV Bharat / state

ছয়গাঁও আৰক্ষীৰ জালত চুৰি বাইকসহ এটা চোৰ

author img

By

Published : Oct 28, 2020, 2:12 PM IST

ছয়গাঁও আৰক্ষীয়ে গৰৈমাৰীত এক অভিযান চলাই চুৰি বাইকসহ বৰভিঠাৰ চোৰ আব্দুল জলিলক আটক কৰে ৷ ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷

Chhaygaon Goroimari bike thief
ছয়গাঁও আৰক্ষীৰ জালত চুৰি বাইকসহ এটা চোৰ

ছয়গাঁও,28 অক্টোবৰ : মঙলবাৰে সন্ধিয়াৰ ভাগত এক অভিযান চলাই গৰৈমাৰীৰ পৰা এজন বাইক চোৰক আটক কৰাৰ লগতে এখন চুৰি বাইক উদ্ধাৰ কৰে ছয়গাঁও আৰক্ষীয়ে ৷ চোৰটো বৰভিঠাৰ আব্দুল জলিল বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে,ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এক অভিযানত ছয়গাঁৱৰ গুমিৰ পৰা A-AS-25H-5463 নম্বৰৰ এখন বাইক জব্দ হয় ৷ মটৰ চাইকেলৰ গৰাকীয়ে গাড়ীখনৰ সকলো নথি-পত্ৰ দেখুৱায় যদিও আৰক্ষীৰ সন্দেহ হোৱাত আৰক্ষীয়ে মটৰ পৰিবহন বিভাগৰ ৱেৱচাইটত প্ৰত্যক্ষ কৰি একেই নামৰ আন এজন লোকৰ নামত আন এখন পঞ্জীয়ন কৰা নথি-পত্ৰ লাভ কৰে ৷ ইয়াৰ পাচত আৰক্ষীয়ে গাড়ীৰ গৰাকীক সোধ-পোচ কৰাত লোকজনে বৰভিঠাৰ আব্দুল জলিলৰ পৰা বাইকখন ক্ৰয় কৰা বুলি কয় ৷

আৰক্ষীয়ে লোকজনক লৈ গৈ আব্দুল জলিলক গৰৈমাৰীত থকা মটৰ চাইকেলৰ গেৰেজৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ গুমিৰ লোকজনক বাইকখন বিক্ৰী কৰাৰ সময়ত আব্দুল জলিলে হাজোৰ হাচিমাৰ ৰহমান নামৰ লোকজনৰ নামত থকা পঞ্জীয়ন কাৰ্ড দেখুৱাইছিল যদিও বৰ্তমানলৈকে বাইকখন ক্ৰয় কৰা লোকজনৰ নামত কোনো নথি-পত্ৰ বনোৱা নাই ৷ অৱশেষত ছয়গাঁও আৰক্ষীয়ে উক্ত নম্বৰৰ বাইকখন চুৰি বুলি তথ্য লাভ কৰি চুৰি কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগত বৰভিঠাৰ আব্দুল জলিলক আটক কৰে ৷

লগতে পঢ়ক : কৰিমগঞ্জত উদ্ধাৰ ক্ষত-বিক্ষত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.