গুৰুগ্ৰাম : হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ দেহাৱসান । ৮৯ বছৰ বয়সত গুৰুগ্ৰামত শেষ নিশ্বাস ত্যাগ কৰে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । জানিব পৰা মতে, দীৰ্ঘদিন অসুস্থ হৈ আছিল চৌতালা ।
ভাৰতীয় জাতীয় লোকদলৰ এজন কৰ্মীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ১১.৫০ বজাত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । তাৰ পাছত তেওঁত ততাতৈয়াকৈ গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয় ৷
इनेलो सुप्रीमो एवं हरियाणा के पूर्व मुख्यमंत्री चौधरी ओमप्रकाश चौटाला जी का निधन अत्यंत दुःखद है।
— Nayab Saini (@NayabSainiBJP) December 20, 2024
मेरी ओर से उन्हें विनम्र श्रद्धांजलि।
उन्होंने प्रदेश और समाज की जीवनपर्यंत सेवा की।देश व हरियाणा प्रदेश की राजनीति के लिए यह अपूरणीय क्षति है।
प्रभु श्री राम से प्रार्थना है कि… pic.twitter.com/58JMF1hkDb
মুখ্যমন্ত্ৰী নায়ব ছাইনীৰ শ্ৰদ্ধাঞ্জলি :
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব ছাইনীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, "হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী ওম প্ৰকাশ চৌতালা জীৰ বিয়োগৰ বাতৰি সকলোৰে বাবে অতি দুখজনক । মোৰ ফালৰ পৰা তেখেতলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো । তেওঁ গোটেই জীৱন ৰাজ্য আৰু সমাজৰ সেৱা আগবঢ়াইছিল । তেওঁৰ মৃত্যু ৰাজনীতিৰ বাবে এক অপূৰণীয় ক্ষতি । প্ৰভু শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা কৰা হৈছে যাতে বিদেহী আত্মাক শান্তি আৰু শোকসন্তপ্ত পৰিয়ালক শক্তি প্ৰদান কৰে ।’’
প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ হুডাৰ শোক : হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ হুদাই ওম প্ৰকাশ চৌতালাৰ মৃত্যুত শোক প্ৰকাশ । তেওঁ কয়, "তেওঁ ৰাজ্যৰ বিধায়ক হিচাপে, মুখ্যমন্ত্ৰী হিচাপে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াইছিল । এই ক্ষতি কাহানিও পূৰণ কৰিব নোৱাৰি । তেওঁৰ সৈতে মোৰ পাৰিবাৰিক আৰু ব্যক্তিগত সম্পৰ্কও আছিল ।"
हरियाणा के पूर्व मुख्यमंत्री, इनेलो प्रमुख श्री ओम प्रकाश चौटाला जी के निधन का दुखद समाचार मिला। प्रदेश के विकास में उनके अहम योगदान को सदैव याद किया जाएगा।
— Manohar Lal (@mlkhattar) December 20, 2024
दुःख की इस घड़ी में मेरी संवेदनाएं शोक संतप्त परिवार के साथ हैं। ईश्वर से प्रार्थना है कि वह दिवंगत आत्मा को अपने…
কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালৰ শ্ৰদ্ধাঞ্জলি :
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালেও ওম প্ৰকাশ চৌতালাৰ মৃত্যুত শোক প্ৰকাশ কৰে । তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, "হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা জীৰ মৃত্যুৰ খবৰটো অতি দুখজনক ৷ ৰাজ্যখনৰ উন্নয়নত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান সদায় স্মৰণীয় হৈ থাকিব । মোৰ শোক সমবেদনা শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে ৷ তেওঁৰ বিদায়ী আত্মাক শান্তি দিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো ৷ ঔম শান্তি ।’’
ওম প্ৰকাশ চৌতালাৰ ৰাজনৈতিক জীৱন :
১৯৩৫ চনৰ ১ জানুৱাৰীত হাৰিয়ানাৰ ছিৰছা জিলাৰ চৌটালা গাঁৱত ওম প্ৰকাশ চৌতালাৰ জন্ম হৈছিল । তেওঁৰ পিতৃ চৌধুৰী দেৱী লাল হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু দেশৰ উপ-প্ৰধানমন্ত্ৰী আছিল । পূৰ্বৰে পৰা ঘৰখনত ৰাজনীতিৰ এক পৰিৱেশ আছিল, যিয়ে তেওঁৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ধাৰণ কৰি লৈছিল । পঢ়া-শুনা মাজ বাটতে এৰি এটা সময়ত তেওঁ দেউতাকৰ পদাংক অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল ।
লাহে লাহে হাৰিয়ানাৰ বিশিষ্ট নেতাসকলৰ ভিতৰত ওম প্ৰকাশ চৌতালাৰ নামো অন্তৰ্ভুক্ত হৈছিল । তেওঁ পিতৃৰ দৰেই হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ আসনো শুৱনি কৰিছিল । ৭ বাৰকৈ তেওঁ বিধায়ক হোৱাৰ লগতে ৫ বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হৈছিল । বৰ্তমান তেওঁ হাৰিয়ানাৰ আঞ্চলিক দল ইণ্ডিয়ান নেচনেল লোকদলৰ (Indian National Lok Dal) ৰাষ্ট্ৰীয় অধ্যক্ষও আছিল ।
মাত্ৰ এবাৰহে মুখ্যমন্ত্ৰীৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে :
ওম প্ৰকাশ চৌতালা ৪ বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হৈছিল, কিন্তু মুখ্যমন্ত্ৰীৰ এই ৫ বছৰীয়া কাৰ্যকাল এবাৰহে তেওঁ সম্পূৰ্ণ কৰিব পাৰিছিল । চৌতালাৰ ভাৰতীয় জাতীয় লোকদলে ২০০০ চনত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল, যিখন চৰকাৰ ৫ বছৰ ধৰি চলিছিল আৰু এই সময়ছোৱাত ওম প্ৰকাশ চৌতালা মুখ্যমন্ত্ৰী আছিল।
কিন্তু ১৯৮৯ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত ডেৰ বছৰ নৌহওঁতেই তিনিবাৰকৈ মুখ্যমন্ত্ৰী হয় । ১৯৮৯ চনৰ ডিচেম্বৰ মাহত যেতিয়া চৌধুৰী দেৱীলাল দেশৰ উপ-প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁৰ পুত্ৰ ওম প্ৰকাশ চৌতালাক বিধায়ক নহৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদটো দিছিল । যেতিয়া দেৱীলালৰ মেহাম বিধানসভাৰ আসন খালী হৈছিল, তেতিয়া ১৯৯০ চনৰ ২৭ ফেব্ৰুৱাৰীত উপ-নিৰ্বাচনৰ সময়ত বুথ ধৰা পৰাৰ পৰা আৰম্ভ কৰি গুলীচালনালৈকে বিভিন্ন ঘটনা সংঘটিত হৈছিল, য’ত ৮ জন লোকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰ পিছত নিৰ্বাচন বাতিল কৰা হয় ।
নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈয়ে মুখ্যমন্ত্ৰী :
প্ৰায় ৩ মাহৰ পাছত ১৯৯০ চনৰ ২১ মে’ত মেহামৰ আসনত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল যদিও এজন প্ৰার্থীক হত্যা কৰা হ’ল ৷ ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে গোচৰটোৰ তদন্ত কৰিছিল এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ।
কেন্দ্ৰীয় চৰকাৰ আৰু উপ-প্ৰধানমন্ত্ৰী দেৱীলালৰ ওপৰত যেতিয়া হেঁচা বাঢ়িছিল, তেতিয়া ওম প্ৰকাশ চৌতালাৰ পদত্যাগ কৰিছিল । ১৭২ দিন মুখ্যমন্ত্ৰী হৈ পদত্যাগ কৰিছিল চৌতালাই ৷ বিশেষ কথাটো হ’ল এই সময়ছোৱাত তেওঁ বিধায়ক হিচাপে নিৰ্বাচিত নোহোৱাকৈ মুখ্যমন্ত্ৰী হৈয়েই থাকিল ।
কেতিয়াবা ৫ দিন আৰু কেতিয়াবা ১৫ দিনৰ মুখ্যমন্ত্ৰী :
ইয়াৰ পাছত জনতা দলে বানাৰসী দাসক মুখ্যমন্ত্রী পাতিলে যদিও তেওঁ মাত্ৰ ৫১ দিন মুখ্যমন্ত্রী হৈ থাকিল, ১৯৯০ চনৰ ১২ জুলাইত ওম প্ৰকাশ চৌতালা পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিল ৷ কংগ্ৰেছে যেতিয়া পুনৰ মেহামৰ ঘটনা উত্থাপন কৰিলে, তেতিয়া ১৭ জুলাইত মাত্ৰ ৫ দিনৰ অন্তত ওম প্ৰকাশ চৌতালাই পদত্যাগ কৰিবলগীয়া হ’ল ।
১৭ জুনত হুকুম সিঙে মুখ্যমন্ত্ৰীৰ দায়িত্ব লয় যদিও ২৪৮ দিনৰ পিছত ওম প্ৰকাশ চৌতালাই তেওঁক অধ্যক্ষৰ পৰা অপসাৰণ কৰি পুনৰ ১৯৯০ চনৰ ২২ মাৰ্চত মুখ্যমন্ত্ৰী হয় । যেতিয়া পুনৰ প্ৰতিবাদ হ’ল, তেতিয়া ৫ এপ্ৰিলত ১৫ দিনৰ মূৰত তেওঁ চকী এৰি থৈ গ’ল । ইয়াৰ পিছত হাৰিয়ানাত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয় ।