ETV Bharat / state

ছয়গাঁও কাণ্ডঃ ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 12, 2019, 10:06 AM IST

আচলপাৰাৰ ঘটনাৰ আৰত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ জড়িত থকা বুলি বিস্ফোৰক অভিযোগ প্ৰাক্তন বিধায়ক গৰাকীৰ৷

ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

ছয়গাঁও ১২ জুন : ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ পলমকৈ হ'লেও মুখ খুলিলে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷ নিজ বাসভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত ঘটনাৰ আঁৰত বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ কিছু সমৰ্থকৰ পৰোক্ষ হাত থকা বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷

ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাৰ প্ৰতিক্ৰিয়া

আচলপাৰাত খেল পথাৰত নৃত্যানুষ্ঠানত আয়োজন কৰিবলৈ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘনিষ্ঠ আব্দুৰ ৰেজ্জাকে অনুমতি দিয়া বুলি বিধায়কজনক ঘটনাৰ বাবে দোষাৰোপ কৰে প্ৰাক্তন বিধায়কজনে৷ ডাঃ কমলা কলিতাৰ কাৰ্যকালত গৰৈমাৰী অঞ্চলত এনেধৰণৰ বিজতৰীয়া সংস্কৃতিৰ বাহ লোৱা নাছিল বুলি উল্লেখ কৰি ৰেকিবুদ্দিন আহমেদ ছয়গাঁও সমষ্টিৰ বিধায়ক হোৱাৰ পিচৰে পৰা গৰৈমাৰী তথা সংখ্যালঘু প্ৰধান এলেকাত এনেধৰণৰ অপসংস্কৃতিয়ে বাহ লোৱা বুলিও তেওঁ অভিযোগ কৰে ৷ আচলপাৰাৰ ঘটনাত পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ বৰালীক সাৰি যাব দিয়া হৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন বিধায়কজনে৷

Intro:ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাই ৷ আচলপাৰাৰ ঘটনাৰআৰত স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ জডিত থকা বুলি বিস্ফোৰক অভিযোগ কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ Body:ছয়গাঁও ১২ জুন : ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডক লৈ বহুত পলমকৈ মুখ খুলিলে ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷ ছয়গাঁৱৰ তেওঁৰ বাসভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি উক্ত ঘটনাৰ আৰত বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ সাংগো পাংগোৰ পৰোক্ষ হাত থকা বুলি প্ৰাক্তন বিধায়ক গৰাকীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷তেওঁ আচলপাৰাত যিখন ফিল্ডত অনুষ্ঠান অনুষ্ঠিত হৈছিল তাৰ অনুমতি প্ৰদান কৰা আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰা ব্যক্তিজন ৰেকিবুদ্দিন আহমেদৰ অতি ঘনিষ্ঠ তথা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক বুলি তেওঁ প্ৰকাশ কৰে ৷ ডাঃ কমলা কলিতাৰ কাৰ্যকালৰ দিনত গৰৈমাৰী অঞ্চলত এনেধৰণৰ বিজতৰীয়া সংস্কৃতিৰ বাহ লোৱা নাছিল বুলি উল্লেখ কৰি ৰেকিবুদ্দিন আহমেদ ছয়গাঁও সমষ্টিৰ বিধায়ক হোৱাৰ পিচৰে পৰা গৰৈমাৰী তথা সংখ্যালঘু প্ৰধান এলেকাত এনেধৰণৰ অপসংস্কৃতিয়ে বাহলোৱা বুলিও তেওঁ অভিযোগ কৰে ৷ আনহাতে আচলপাৰাৰ সেইসকল লোকক বাংলাদেশী মূলৰ লোক বুলিও অভিহিত কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ইফালে আচলপাৰাৰ ঘটনাত পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰি ৰৌ বৰালীক সাৰি যাব দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে ৷ তেওঁ উক্ত ঘটনাৰ লগত জডিত সকলোকে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় ৷Conclusion:উল্লেখযোগ্য যে যি সময়ত সমগ্ৰ দক্ষিণ কামৰূপ বাসীয়ে উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সেই সময়ত ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰাৰ সলনি ঘটনাটোক লৈ ৰাজনীতি কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ছয়গাঁও অঞ্চলত ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.