ETV Bharat / state

আনাৰস আৰু কঁঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ - বামুণীগাঁও বজাৰ

দক্ষিণ কামৰূপত কঁঠাল আৰু আনাৰসৰ বাবে বিখ্যাত হৈ পৰা এখন বজাৰ হৈছে ছয়গাঁৱৰ বামুণীগাঁও বজাৰ ৷ অম্বুবাচী উপলক্ষে দেওবাৰে অধিক হাৰত ভৰি পৰে স্থানীয়ভাৱে উৎপাদিত আনাৰস আৰু কঁঠাল ৷

আনাৰস আৰু কঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ
author img

By

Published : Jun 23, 2019, 5:36 PM IST

ছয়গাঁও, 23 জুন : অম্বুবাচী উপলক্ষে বজাৰত ভিৰ কৰিছে ক্ৰেতা আৰু বিক্ৰেতাই ৷ দক্ষিণ কামৰূপৰ এখন সাপ্তাহিক আৰু অৰ্ধসাপ্তাহিক বজাৰ হৈছে ছয়গাঁৱৰ নিকটৱৰ্তী বামুণীগাঁও বজাৰ ৷ বৰ্তমান আনাৰস আৰু কঁঠালৰ বতৰৰ সময়ত উভৈনদী হৈ পৰিছে বামুণীগাঁও বজাৰ ৷ বিশেষকৈ দেওবাৰে অম্বুবাচীৰ বজাৰ উপলক্ষে বজাৰখনত ভৰি পৰিছে স্থানীয় আনাৰস আৰু কঁঠালে ৷

আনাৰস আৰু কঠালেৰে ভৰি পৰিছে বামুণীগাঁও বজাৰ

বজাৰখনত স্থানীয় একাংশ জনজাতীয় লোকৰ উপৰিও গাৰো খাচীয়া মামা মামী সকলৰ পৰা পাইকাৰী দামত কিনি লৈছে আনাৰস আৰু কঁঠাল ৷ উল্লেখযোগ্য যে, ছয়গাঁও সমষ্টিৰ জনজাতি প্ৰধান এলেকা বৃহত্তৰ শান্তিপুৰ অঞ্চলত উৎপাদিত আনাৰস আৰু কঁঠাল সমূহ বামুণীগাঁৱৰ দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া বজাৰত বিক্ৰী হয় ৷

Intro:দক্ষিণ কামৰূপত কঠাল আৰু আনাসৰ বাবে বিখ্যাত হৈ পৰা এখন বজাৰ হৈছে ছয়গাঁৱৰ বামুণীগাওঁ বজাৰ ৷ অম্বুবাচী উপলক্ষে দেওবাৰে অধিক হাৰত ভৰি পৰে স্থানীয়ভাৱে উৎপাদিত আনাৰস আৰু কঠাল ৷ Body:ছয়গাঁও ২৩ জুন : সম্প্ৰতি বজাৰত কঠাল আৰু আনাৰস উভৈনদী হৈ পৰিছে ৷ তাৰোপৰি অম্বুবাচী উপলক্ষে বজাৰত ভিৰ কৰিছে ক্ৰেতা আৰু বিক্ৰেতাৰ ৷ দক্ষিণ কামৰূপৰ এখন সাপ্তাহিক আৰু অৰ্ধসাপ্তাহিক বজাৰ হৈছে ছয়গাঁৱৰ নিকটৱৰ্তী বামুণীগাঁও বজাৰ ৷ বৰ্তমান আনাৰস আৰু কঠালৰ বতৰৰ সময়ত উভৈনদী হৈ পৰিছে বামুণীগাঁও বজাৰ ৷ বিশেষকৈ দেওবাৰে অম্বুবাচীৰ বজাৰ উপলক্ষে বজাৰখনত ভৰি পৰিছে স্থানীয় আনাৰস আৰু কঠাল ৷ পুৱাৰ পৰা বজাৰখনত বিৰ দি বাট নোপোৱ অৱস্থা ৷ আনহাতে কোনোৱে যদি ঠেলাত আৰু কোনোৱে চাইকেলত আনাৰস আৰু কঠাল লৈ বিক্ৰী কৰিবলৈ আহিছে এইখন বজাৰলৈ ৷ আনহাতে পুৱায়েই ভৰি পৰিছে দুৰ দুৰণিৰ বহুসংখ্যক পাইকাৰী বেপাৰী ৷ তেওঁলোকে বজাৰখনত স্থানীয় একাংশ জনজাতীয় লোকৰ উপৰি গাৰো খাচীয়া মামা মামী সকলৰ পৰা পাইকাৰী দামত কিনি লৈছে আনাৰস আৰু কঠাল ৷ উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ জনজাতি প্ৰধান এলেকা বৃহত্তৰ শান্তিপুৰ অঞ্চলত উৎপাদিত আনাৰস আৰু কঠাল সমূহ বামুণীগাঁৱৰ দেওবৰীয়া আৰু বৃহস্পতিবৰীয়া বজাৰত বিক্ৰী হয় ৷ উক্ত বজাৰত বিক্ৰী হোৱা স্থানীয় আনাৰস আৰু কঠাল সমূহ দক্ষিণ কামৰূপৰ ছয়গাঁও,বিজয়নগৰ,মিৰ্জা,পলাশবাৰী ,গুৱাহাটী ,বৰপেটা,নলবাৰী আদি ৰাজ্যৰ কেইবাঠাইলৈ চালান যায় ৷ বিগত বজাৰ সমূহতকৈ দেওবাৰে বজাৰখনত অধিক পৰিমানৰ আনাৰস বিক্ৰীৰ বাবে অনাটো পৰিলক্ষিত হৈছে ৷ বিশেষকৈ অম্বুবাচী উপলক্ষে যথেষ্ট পৰিমানৰ আনাৰস ওলোৱা দেখা গৈছে ৷Conclusion:byte

উল্লেখযোগ্য বামুণীগাঁও বজাৰত উভৈনদী হৈ পৰা বতৰৰ আনাৰস আৰু কঠাল অতি সোৱাদৰে ভৰা ৷ অঞ্চলটোৰ ভিতৰুৱা অঞ্চলত উৎপাদিত কঠাল আৰু আনাৰসৰ বাবে বিখ্যাত হৈ পৰা বামুণীগাঁও বজাৰখনৰ পৰা বজাৰ পৰিচালনা সমিতিয়ে যথেষ্ট খাজানা আদায় পাই অহাৰ লগতে স্থানীয় ব্যৱসায়ী সকলো হৈৈ আহিছে লাভাম্বিত ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.