ছয়গাঁও, ২২ অক্টোবৰঃ ছয়গাঁৱৰ কুকুৰমাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ২৫০০ লিটাৰ অবৈধ চুলাই মদ ৷ ছয়গাঁও অঞ্চলৰ কুকুৰমাৰা, বৰটাৰী, কুকুৰমাৰা, তেজপুৰ আদি গাঁৱত অবৈধ মদৰ বিৰুদ্ধে সংস্কৃত ছাত্ৰ সন্থাৰ উদ্যোগত সহস্ৰাধিক মহিলাই ৰাজপথেৰে বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ পিচতে ছয়গাঁও আৰক্ষীয়ে অবৈধ মদৰ বিৰুদ্ধে এই অভিযান চলাই ৷ অৱশ্যে এই অভিযানত আৰক্ষীয়ে কোনো মদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে বৃহত্তৰ কুকুৰমাৰা অঞ্চলত অবৈধ মদৰ প্ৰচলন চলি আছে যদিও এই ক্ষেত্ৰত আবকাৰী বিভাগে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ অৱশ্যে মাজে সময়ে আৰক্ষীয়ে মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও এই অবৈধ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷
ছয়গাঁৱত অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ - কুকুৰমাৰা
ছয়গাঁৱৰ কুকুৰমাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ২৫০০ লিটাৰ অবৈধ চুলাই মদ ৷
ছয়গাঁও, ২২ অক্টোবৰঃ ছয়গাঁৱৰ কুকুৰমাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ২৫০০ লিটাৰ অবৈধ চুলাই মদ ৷ ছয়গাঁও অঞ্চলৰ কুকুৰমাৰা, বৰটাৰী, কুকুৰমাৰা, তেজপুৰ আদি গাঁৱত অবৈধ মদৰ বিৰুদ্ধে সংস্কৃত ছাত্ৰ সন্থাৰ উদ্যোগত সহস্ৰাধিক মহিলাই ৰাজপথেৰে বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ পিচতে ছয়গাঁও আৰক্ষীয়ে অবৈধ মদৰ বিৰুদ্ধে এই অভিযান চলাই ৷ অৱশ্যে এই অভিযানত আৰক্ষীয়ে কোনো মদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে বৃহত্তৰ কুকুৰমাৰা অঞ্চলত অবৈধ মদৰ প্ৰচলন চলি আছে যদিও এই ক্ষেত্ৰত আবকাৰী বিভাগে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ অৱশ্যে মাজে সময়ে আৰক্ষীয়ে মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও এই অবৈধ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷
প্ৰায় ২৫০০ লিটাৰ মদৰ পেকেট জব্দ
ছয়গাঁও ২২ অক্টোবৰ : কালি ছয়গাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰা,বৰটাৰী,কুকুৰমাৰা,তেজপুৰ আদি গাঁও সমূহত চলি থকা অবৈধ মদৰ বিৰুদ্ধে সহস্ৰাধিক মহিলাই ৰাজপথেৰে বৃহৎ প্ৰতিবাদী সমদল উলিওৱাৰ পিচত আজি কুকুৰমাৰাত ছয়গাঁও আৰক্ষীয়ে অবৈধ মদৰ বিৰুদ্ধে এক অভিযান চলাই ৷ ছয়গাঁও আৰক্ষী আৰু কুকুৰমাৰা আৰক্ষীয়ে কুকুৰমাৰা অঞ্চলত চলোৱা অভিযান কালত প্ৰায় ২৫০০ লিটাৰ মদ জব্দ কৰে ৷ জব্দ কৰা মদখিনি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে ৷ অৱশ্যে এই অভিযান কালত আৰক্ষীয়ে কোনো মদ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখযোগ্য যে বৃহত্তৰ কুকুৰমাৰা,বৰটাৰী,জিয়াকুৰ,সাতপখলী,কুকুৰমাৰা গাঁও আদি অঞ্চলত মদৰ অবাধ প্ৰচলন হোৱাত অঞ্চলটোৰ সচেতন লোক সকল ক্ষোভিত হৈ পৰে ৷ তাৰেই পৰিপ্ৰক্ষিতত কালি সংস্কৃত ছাত্ৰ সন্থাৰ উদ্যোগত অঞ্চলটোৰ কেইবাটাও মহিলা সংগঠনে অঞ্চলটোত এই অবৈধ মদৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াইছিল ৷ উল্লেখযোগ্য যে বৃহত্তৰ কুকুৰমাৰা অঞ্চলত অবৈধ মদৰ প্ৰচলন চলি আছে যদিও এই ক্ষেত্ৰত আবকাৰী বিভাগে কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ অৱশ্যে মাজে সময়ে আৰক্ষীয়ে মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও এই অবৈধ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷Conclusion: