ETV Bharat / state

ছয়গাঁও কাণ্ড : প্ৰাক্তন বিধায়ক কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে - আব্দুৰ ৰেজ্জাক

ডা: কমলা কলিতাই কৰা অভিযোগক নস্যাৎ কৰি এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান আব্দুৰ ৰেজ্জাকৰ ৷ ঘটনাত জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতিৰ লগতে সামাজিক জীৱনো ত্যাগ কৰাৰ হুংকাৰ ৰেজ্জাকৰ ৷

কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে
author img

By

Published : Jun 12, 2019, 6:38 PM IST

Updated : Jun 12, 2019, 6:44 PM IST

ছয়গাঁও,12 জুন: ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাৰ কাণ্ডত আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাকৰ লগতে সমষ্টিটোৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ জড়িত থকা বুলি সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ডা: কমলা কলিতাই কৰা মন্তব্যক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে ৷ ডা: কমলা কলিতাই কৰা অভিযোগক নস্যাৎ কৰি এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ আহ্বান ৰেজ্জাকৰ ৷ লগতে উক্ত দিনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতিৰ লগতে সামাজিক জীৱনো ত্যাগ কৰিব বুলি মন্তব্য কৰে ৰেজ্জাকে ৷ কমলা কলিতাৰ এই অভিযোগ একেবাৰে মিছা তথা মনেসজা বুলিও উল্লেখ কৰি অগপৰ যুৱ পৰিষদৰ আচলপাৰা পঞ্চায়তৰ সম্পাদক আতিকুৰ ইছলাম গ্ৰেপ্তাৰ হোৱাৰ বাবেই প্ৰাক্তন বিধায়কগৰাকীয়ে এনেদৰে মিছাৰ আশ্ৰয় লৈছে বুলি কয় ৰেজ্জাকে ৷

কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে

আনহাতে আচলপাৰাৰ লোকসকল বাংলাদেশী মূলৰ বুলি অভিহিত কৰা কাৰ্যকো সমালোচনা কৰি, ইমান বছৰে সমষ্টিটোত ৰাজনীতি কৰি তথা মন্ত্ৰী বিধায়ক হোৱাৰ পাচতো তেওঁ সেই সময়ত তাত বাংলাদেশী দেখা নাছিল বুলিও প্ৰশ্ন কৰে কমলা কলিতাক প্ৰশ্ন কৰে ৰেজ্জাকে ৷

Intro:ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰাত যোৱা ৭ জুনৰ নিশা সংঘটিত কাণ্ডৰ সৈতে আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক পৰোক্ষভাৱে জডিত থকাৰ লগতে বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ পৰোক্ষভাৱে জডিত থকা বুলি ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক কমলা কলিতাই কৰা অভিযোগ খণ্ডন কৰি কমলা কলিতাক এই অভিযোগৰ সত্যসত্যাৰ প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে আব্দুৰ ৰেজ্জাকে ৷Body:ছয়গাঁও ১২ জুন : ছয়গাঁও সমষ্টিৰ গৰৈমাৰীৰ আচলপাৰা কাণ্ডৰ লগত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ পৰোক্ষভাৱে জডিত থকাৰ লগতে বিধায়ক গৰাকীৰ অতি ঘনিষ্ঠ তথা আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক প্ৰতক্ষভাৱে জডিত থকা বুলি মঙলবাৰে এক প্ৰেছ মেলত ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ডা: কমলা কলিতাই কৰা অভিযোগক নস্যাৎ কৰিছে আব্দুৰ ৰেজ্জাকে ৷ বুধবাৰে ছয়গাঁও প্ৰেছ ক্লাৱত আব্দুৰ ৰেজ্জাকে আয়োজন কৰা এক প্ৰেছ মেলত কমলা কলিতাৰ এই অভিযোগ একেবাৰে মিছা তথা মনেসজা বুলি কয় ৷ তেওঁ উক্তদিনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰাৰ লগতে সামাজিক জীৱন ত্যাগ কৰিব বুলি কয় ৷ আনহাতে তেওঁৰ বিৰুদ্ধে কমলা কলিতাই অনা গুৰুতৰ অভিযোগ যদি কমলা কলিতাই প্ৰমাণ কৰিব নোৱাৰে তেন্তে কমলা কলিতাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগিব বুলিও ৰেজ্জাকে দাবী কৰে ৷ আনহাতে ঘটনাৰ দিনা আচলপাৰাত নথকাৰ পিচতো তেওঁক সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰা বুলি কোৱা আৰু বজাৰ সমিতিৰ হৈ সভাপতি নোহোৱাকৈ সভাপতি বুলি প্ৰকাশ কৰি আব্দুৰ ৰেজ্জাকক অনুষ্ঠানৰ কাৰ্যসূচীৰ আৰত আব্দুৰ ৰেজ্জাক আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদ থকা বুলি সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰি যি ৰাজনীতি আৰম্ভ সেই ৰাজনীতি কমলা কলিতাক কৰিব দিয়া নহব বুলিও প্ৰকাশ কৰে ৷ মঙলবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আতিকুৰ ইছলাম নামৰ লোকজন অগপৰ যুৱ পৰিষদৰ আচলপাৰা পঞ্চায়তৰ সম্পাদক হোৱা বাবেই অগপ দলৰ ক্ষতি হব বুলি ভাবিয়েই কমলা কলিতাই গোটেই বিষয়টো ৰাজনীতিকৰণ কৰি ৰাইজক প্ৰকৃত ঘটনাৰ পৰা আন্ধাৰত ৰাখি এনেদৰে ঘটনাৰ সৈতে মিছা কথাৰে কংগ্ৰেছ লোক থকা বুলি প্ৰচাৰ কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰে ৷আনহাতে আচলপাৰাৰ লোকসকল বাংলাদেশী মূলৰ বুলি অভিহিত কৰা কাৰ্যকো তেওঁ সমালোচনা কৰি কয় যেে ইমান বছৰে ছয়গাঁও সমষ্টিত ৰাজনীতি কৰি তথা মন্ত্ৰী বিধায়ক হোৱাৰ পিছতো তেওঁ সেই সময়ত তাত বাংলাদেশী দেখা নাছিল বুলিও প্ৰশ্ন কৰে ৷কমলা কলিতাৰ মুখত তেনেকুৱা কথাই শোভা নাপাই বুলিও তেওঁ কয় ৷ তেওঁ আচলপাৰাৰ ঘটনাৰ বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা বুলি প্ৰকাশ কৰি ঘটনা সংঘটিত হোৱাৰ পিচত ইদানদিন তেওঁ কত আছিল বুলিও কমলা কলিতাক প্ৰশ্ন কৰি অগপৰ নেতা তথা আৰক্ষীৰ হাতত আটকাধীন আতিকুৰ ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতহে তেওঁ সাৰ পালে নেকি প্ৰশ্ন তোলে ৷ Conclusion:ইফালে বিধায়ক ৰেকিবুদ্দিনৰ লগত গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাকক আচলপাৰা কাণ্ডটোৰ সৈত মিছাকৈ সাঙোৰা বাবে ক্ষোভিত হৈ পৰা আব্দুৰ ৰেজ্জাক নামৰ পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে কমলা কলিতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷
Last Updated : Jun 12, 2019, 6:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.