বকো,18 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচনত কামৰূপ জিলাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৪৮ নং বকো বিধানসভা সমষ্টিখন পুনৰাই কংগ্ৰেছৰ দখললৈ অনাৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে বকোৰ কংগ্ৰেছ মহলে ৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বকোৰ সোণতলীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এখনি বিশাল “বুথ সংকল্প শিবিৰ"। সমষ্টিৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ যুটীয়া উদ্যোগত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ "মোৰ বুথ, মোৰ গৌৰৱ" আমাৰ ঐক্য, আমাৰ শক্তি" শ্লোগানৰ এই বিশাল “বুথ সংকল্প শিবিৰ”।
এই বুথ সংকল্প শিবিৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বৃটিছৰ লগত হাত মিলাই ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধিৰে ৰাজ্যবাসীক কোঙা কৰি পেলোৱা আৰু চৰকাৰী সম্পদ একফালৰ বিক্ৰী কৰা ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন ভ্ৰষ্টাচাৰী চৰকাৰৰ অপশাসনক ওফৰাই এখন বিজেপিমুক্ত চৰকাৰ গঠনৰ বাবে সকলোকে সংকল্প ল'বলৈ আহ্বান ভূপেশ বাঘেলৰ ৷
এই বুথ সংকল্প শিবিৰত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আদিত্য শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল বালকৃষ্ণ ৱাছনিক আৰু ছাকিল আহমেদ খানে বক্তব্য দাঙি ধৰি বিজেপি বেইমান আৰু গাদ্দাৰৰ দল বুলি অভিহিত কৰি বিজেপিৰ চৰকাৰৰ কৃষক, শ্ৰমিককে ধৰি সৰ্বস্তৰৰ ৰাইজৰ বিৰুদ্ধে লোৱা ভূমিকাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে ৷ কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জিয়াউৰ ৰহমান চহৰীয়াই আঁত ধৰা শিবিৰৰ আদৰণি ভাষণ আগবঢ়াই বকোৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে ৷
আদৰণি ভাষণত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দেশৰ বাবে কৰা ত্যাগ আৰু উন্নয়নৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে ৷ বিজেপিৰ সাম্প্ৰদায়িক কাম-কাজৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ আজি কোনো মূল্য নাই বুলি কয় ৷ শিবিৰত ছত্তিশগড় কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্মল কছাৰী, উপ সভাপতি ৰাজেন্দ্ৰ চাহু, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছলমান খান, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা, উপ সভাপতি দীপক কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপালী তালুকদাৰৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকে ৷
লগতে পঢ়কঃ কাৰ্বি আংলঙত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ