ETV Bharat / state

বিসম্বাদী বিধায়ক কঢ়িওৱা চাৰ্টাৰ্ড বিমানৰ পাইলটৰ গুৱাহাটীত মাজনিশা উদ্ভণ্ডালি - গুৱাহাটী

চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গে দেওবাৰে মাজনিশা গুৱাহাটীৰ বাৰত সুৰাপান কৰাৰ বাবে যায় । নিশা 12 বজা বাবে বাৰ কৰ্তৃপক্ষই বাৰখন বন্ধ কৰিছিল । যাৰ বাবে চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গ আৰু বাৰ কৰ্তৃপক্ষৰ মাজত তৰ্কাতৰ্কি লাগে । তাৰ পিছত তৰ্কাতৰ্কিৰ পৰা গৈ কাজিয়াৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী (Dispur Police Station) আহি উপস্থিত হৈ দুয়োপক্ষকে সোধপোছাৰ বাবে দিছপুৰ থানালৈ লৈ যায় ।

Radisson Blue
Radisson Blue
author img

By

Published : Jun 27, 2022, 7:39 PM IST

গুৱাহাটী, ২৭ জুন : গুৱাহাটীৰ ৰেডিশ্বন ব্লুত (Radisson Blue Guwahati) মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে বাহৰ পাতি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক (Maharashtra rebel MLAs) কঢ়িওৱা এখন চাৰ্টাৰ্ড বিমানৰ (Chartared Flight) পাইলটে দেওবাৰে মাজনিশা গুৱাহাটীৰ বাৰত উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপিত হৈছে । চাৰ্টাৰ্ডখনৰ উক্ত পাইলটজনৰ নাম ঋষভ গৰ্গ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক কঢ়িওৱা এখন চাৰ্টাৰ্ড বিমান গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত (Barjhar Airport) ৰখাই থোৱা আছে ।

চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গে দেওবাৰে মাজনিশা গুৱাহাটীৰ বাৰত সুৰাপান কৰাৰ বাবে যায় । নিশা 12 বজা বাবে বাৰ কৰ্তৃপক্ষই বাৰখন বন্ধ কৰিছিল । যাৰ বাবে চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গ আৰু বাৰ কৰ্তৃপক্ষৰ মাজত তৰ্কাতৰ্কি লাগে । তাৰ পিছত তৰ্কাতৰ্কিৰ পৰা গৈ কাজিয়াৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত দিছপুৰ আৰক্ষী (Dispur Police Station) আহি উপস্থিত হৈ দুয়োপক্ষকে সোধপোছাৰ বাবে দিছপুৰ থানালৈ লৈ যায় । আনহাতে, চাৰ্টাৰ্ডখনৰ পাইলট ঋষভ গৰ্গে থানাত আৰক্ষীৰ লগতো অসভ্য আচৰণ কৰাৰ অভিযোগ উঠিছে । এই সংক্ৰান্তত দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনায় যে ঘটনা সন্দৰ্ভত কাকো আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই । সোধপোছাৰ পিছত দুয়ো পক্ষকে যাবলৈ দিয়া হয় বুলি দিছপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।

ইপিনে সোমাবাৰে উচ্চতম ন্যায়ালয়ত হোৱা এক শুনানিত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত যোৱা সাত দিন ধৰি বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে এক স্বস্তিৰ নিশ্বাস পেলাইছে । উল্লেখ্য যে মহাৰাষ্ট্ৰৰ এম ভি এ চৰকাৰৰ (Maharashtra MVA Government) উপাধ্যক্ষই শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ ভিতৰত একনাথ সিন্দেসহ 16 গৰাকীৰ বিধায়ক পদ খাৰিজ কৰাৰ জাননী জাৰি কৰিছিল । ইয়াৰ প্ৰত্যাহ্বান জনাই বিদ্ৰোহী গোটটোৱে উপাধ্যক্ষৰ অকৰ্তৃত্বশীল হস্তক্ষেপৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত (Supreme Court)আবেদন কৰে ।

কিন্তু উচ্চতম ন্যায়ালয়ে উপাধ্যক্ষৰ জাননী খাৰিজ কৰি অহা ১১ জুলাইত এই সন্দৰ্ভত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে । ইয়াৰ ফলত ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল আৰু কিছুদিন গুৱাহাটীতে থকাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে । লগতে ৰেডিশ্বন ব্লুৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ পথ প্ৰশস্ত হৈ পৰিছে । ইপিনে ৰাজনৈতিক সংকটৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনি কৰিছে মুখ্যমন্ত্ৰী উদ্বৱ থাকৰেই । গুৱাহাটীত বাহৰ পাতি থকা একনাথ সিন্দেৰ (rebel MLA Eknath Shinde) লগতে কেইবাগৰাকী বিসম্বাদী মন্ত্ৰীৰ দপ্তৰ কৰ্তন কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্বৱ থাকৰেই (Maharashtra Chief Minister Uddhav Thakre) ।

লগতে পঢ়ক :MAHA crisis: বিদ্ৰোহী শিৱসেনা বিধায়কলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ, পৰৱৰ্তী শুনানি 11 জুলাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.