ETV Bharat / state

Cattle smuggling : বাহনৰ গোপন কোঠাৰ পৰা উদ্ধাৰ 23 টাকৈ পশুধন

author img

By

Published : Nov 14, 2021, 2:12 PM IST

Updated : Jan 10, 2022, 12:41 PM IST

ৰাজ্যত আজিও অব্যাহত পশুধনৰ সৰবৰাহ(Cattle smuggling) ৷ মাথো সলনি হৈছে সৰবৰাহৰ কৌশল ৷ শেহতীয়াকৈ আৰক্ষীৰ চকুত ধূলি মাৰি 23 টাকৈ গৰু সৰবৰাহৰ বাবে আহি থকা এখন বাহন জব্দ কৰে চাংসাৰী আৰক্ষী (Changsari Police)য়ে ৷

পশুধনৰ সৰবৰাহ
Cattle smuggling

বাইহাটা, 14 নৱেম্বৰ : গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিছতো ৰোধ কৰিব পৰা নাই এই অবৈধ কাৰ্য ৷ সময়ে সময়ে বাংলাদেশলৈ একাংশ চোৰাং গৰু ব্যৱসায়ীয়ে সৰবৰাহ(Cattle smuggling) কৰি আহিছে বৃহৎ সংখ্যক পশুধন ৷ আৰক্ষীৰ চকুত ধূলি মৰাৰ উদ্দেশ্যে সৰবৰাহকাৰীয়ে নিতৌ সলনি কৰিছে গৰু সৰবৰাহৰ কৌশল ৷ তেনে এক প্ৰচেষ্টা শেহতীয়াকৈ ব্যৰ্থ হয় চাংসাৰী আৰক্ষী(Changsari Police) ৰ প্ৰচেষ্টাত ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কামৰূপ(গ্ৰাম্য) জিলা (Kamrup(r) ৰ চাংসাৰী থানাৰ অন্তৰ্গত মদনপুৰ টোলগেট (Madanpur Toll Gate) ৰ সমীপত চলোৱা অভিযানত জব্দ হয় গৰু ভৰ্তি এখন বাহন ৷ শনিবাৰে নিশা জব্দ হোৱা বাহনখনৰ গোপন কক্ষত কঢ়িয়াই অনা হৈছিল প্ৰায় 23 টাকৈ বলধ গৰু ৷ কামৰূপ(গ্ৰাম্য) জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(SP Of Kamrup(r)) আছিফ আহমেদে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই অভিযান চলাই জব্দ কৰে চোৰাংকৈ অনা গৰুসহ UP ২১ AN ৮৮৬৩ নম্বৰৰ ট্ৰেইলাৰ বাহনখন ৷

ৰাজ্যত আজিও অব্যাহত পশুধনৰ সৰবৰাহ

নিশা প্ৰায় 8 বজাত বাহনখন আৰক্ষীয়ে জব্দ কৰে যদিও বাহনখনত গৰুৰ পৰিৱৰ্তে ধানখেৰ ভৰ্তি হৈ থকাত আৰক্ষীৰ দলটো বিবুধিত পৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে বাহনখন তন্ন-তন্নকৈ পৰীক্ষা কৰাত উৰহীৰ ওৰ ওলায় ৷ কিয়নো ধানখেৰসমূহ বাহনখনৰ পৰা নমোৱাৰ পিছতে পোহৰলৈ আহে প্ৰকৃত ঘটনা ৷

সৰবৰাহকাৰীসকলে আৰক্ষীৰ চকুত ধূলি মৰাৰ উদ্দেশ্যে বাহনখনৰ ভিতৰত সুকীয়া কোঠা নিৰ্মাণ কৰি গৰুসমূহ লুকুৱাই আনিছিল ৷ আৰক্ষীয়ে ততালিকে বাহনখনৰ চালক ৰিয়াজুদ্দিন আহমেদক কৰায়ত্ব কৰি 23 টাকৈ গৰু উদ্ধাৰ কৰে ৷

এই ঘটনাই ৰাজ্যত যে এতিয়াও গৰু সৰবৰাহৰ ছিণ্ডিকেট চক্ৰ চলি আছে তাকেই প্ৰতীয়মান কৰিলে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গৰু ভৰ্তি বাহনখন উত্তৰ প্ৰদেশৰ পৰা মেঘালয়লৈ নিয়াৰ পিছত ছিণ্ডিকেট চক্ৰটোৱে বাংলাদেশলৈ প্ৰেৰণ কৰিলেহেঁতেন ৷ চক্ৰটোৰ এই কাণ্ড আৰু পশুধনৰ সৰবৰাহৰ কৌশলে হতচকিত কৰি তুলিছে স্বয়ং আৰক্ষীক ৷

লগতে চাওক: Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

Last Updated : Jan 10, 2022, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.