ETV Bharat / state

চাংসাৰিত দিব্যাংগ লোকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন - বিশেষভাৱে সক্ষম লোক

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ উদ্যোগত শনিবাৰে চাংসাৰিত দিব্যাংগ লোকৰ বাবে এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে বিশেষভাৱে সক্ষম লোকসকলক চিনাক্ত কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।

চাংসাৰিত দিব্যাংগ লোকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

author img

By

Published : Jan 23, 2021, 10:27 PM IST

চাংসাৰি, ২৩ জানুৱাৰী: কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত শনিবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ উদ্যোগত চাংসাৰিত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দুই শতাধিক বিশেষভাৱে সক্ষম লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় । শনিবাৰে স্বাস্থ্য মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ তৰফৰ পৰা অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰত বেজেৰা মণ্ডলৰ শৰাইঘাট আৰু ধোপাতাৰী যুৱ মৰ্চায়ো সহযোগিতা আগবঢ়ায় ।

চাংসাৰিত দিব্যাংগ লোকৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

বৃহত্তৰ অঞ্চলটোৰ দিব্যাংগ ব্যক্তিসকলক চিনাক্ত কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় । এই শিবিৰত শাৰিৰীক, মানসিক, চকু, কাণ, অস্থি ৰোগৰ চিকিৎসাও প্ৰদান কৰা হয় । মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ প্ৰায় ৩০ গৰাকী চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসা সেৱা আগবঢ়ায় ।

চিকিৎসক অনুপল শৰ্মাই কয় যে, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ তৰফৰ পৰা দিব্যাংগসকলৰ বাবে আয়োজন কৰা এয়া তৃতীয়টো স্বাস্থ্য শিবিৰ । অসমৰ প্ৰতিগৰাকী বিশেষভাৱে সক্ষম লোকে যাতে চৰকাৰী সা-সুবিধা লাভৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে চিকিৎসকগৰাকীয়ে ।

LOCATION & ASTON: চাংসাৰি, কামৰূপ(LOCATION) অনুপল শৰ্মা, চিকিৎসক(BYTE)

লগতে পঢ়ক:কা' বাতিলৰ দাবীত নগাঁৱত আছুৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.