চাংসাৰি 20 এপ্ৰিলঃ মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰথমে চাংসাৰি ৰেল ষ্টেচনত উপস্থিত হৈ ৰেল বিভাগৰ কৰ্মচাৰীৰ লগত মত বিনিময় কৰি পিচত ভাৰতী খাদ্য নিগমৰ ভঁৰাল গৃহত উপস্থিত হয়। ভঁৰাল গৃহত উপযুক্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত আছে নে নাই সেই বিষয়েও বুজ লয় ।
মুখ্য মন্ত্ৰীৰ গুদাম ঘৰ পৰিদৰ্শন সময়ত উপস্থিত থাকে জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ লগতে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা,কামৰূপ জিলাৰ পৰিবহন বিষয়া গৌতম দাস আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয় ববীয়াসকল ।