ETV Bharat / state

এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি চন্দ্ৰপুৰবাসীৰ উত্তাল প্ৰতিবাদ - জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰঞ্জিত দাস

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰবাসী ৰাইজে ৷ বিভাগীয় মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, চৰকাৰে স্থাপন কৰা নীৰ-নিৰ্মল পৰিযোজনাৰ প্ৰকল্পস্থলীৰ পৰা বিশুদ্ধ খোৱাপানী নোপোৱাৰ অভিযোগ তুলি চন্দ্ৰপুৰ বাসী ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

chandrapur-residents-protest-demanding-pure-drinking-water
এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি চন্দ্ৰপুৰবাসীৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Sep 30, 2021, 7:08 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে চন্দ্ৰপুৰবাসী ৰাইজে ৷ চৰকাৰী পক্ষৰ চৰম অমনোযোগিতাৰ বাবে চন্দ্ৰপুৰৰ তাঁতিমাৰা পাহাৰত থকা বাসিন্দা সকলে এটুপি খোৱা পানীৰ বাবে এতিয়া নিকটৱৰ্তী অঞ্চল সমূহলৈ তাঁতবাটি কৰিব লগীয়া হৈছে ৷ ফলশ্ৰুতিত বুধবাৰে চন্দ্ৰপুৰৰ তাঁতিমাৰা পাহাৰত থকা ৰাজ্য চৰকাৰৰ নীৰ-নিৰ্মল পৰিযোজনাৰ অধীনত থকা প্ৰকল্পটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ মহিলাই ৷

chandrapur-residents-protest-demanding-pure-drinking-water
চন্দ্ৰপুৰত এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱ

প্ৰতিবাদী মহিলা সকলে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰঞ্জিত দাস মুর্দাবাদ, আমাক বিশুদ্ধ খোৱা পানী যোগান ধৰক, আমাক পানী লাগিবই, অসম চৰকাৰ হায় হায়, আমাৰ দাবী নায্য দাবী আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলৰ মুঠ 12 হাজাৰ পৰিয়ালক খোৱা পানী যোগানৰ বাবে নীৰ-নিৰ্মল পৰিযোজনাৰ অধীনত এক ব্যয় বহুল আঁচনি ৰূপায়ন কৰিছিল ৰাজ্য চৰকাৰে ৷

কিন্তু 2018 চনত প্ৰকল্পটোৰ নিৰ্মান সম্পূৰ্ণ নহওঁতেই তেতিয়াৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে প্ৰকল্পটোৰ পৰা খোৱা পানী যোগানৰ শুভাৰম্ভ কৰে ৷ ফলশ্ৰুতিত প্ৰকল্পটোৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত্বত থকা বাসিন্দা সকলে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷

কিয়নো নতুন প্ৰকল্পটো আৰম্ভ কৰাৰ পূৰ্বে এটি পুৰণি প্ৰকল্পৰ জৰিয়তে এই ঠাইৰ বাসিন্দা সকলক বিভাগে খোৱা পানী যোগান ধৰি আহিছিল ৷ কিন্তু নতুন প্ৰকল্পটো আৰম্ভ হোৱাৰ পিছত পুৰণি প্ৰকল্পটোৰ উপভোক্তা সকলক নতুন প্ৰকল্পটোৰ সংযোগ কৰাৰ পৰা অৰ্থাৎ আৰম্ভণিৰ পৰাই আজিলৈ খোৱা পানী যোগান ধৰা নাই ৷ লগতে পুৰণি প্ৰকল্পটোৰ পৰা কিছু পৰিমানে খোৱা পানী যোগান ধৰিছিল যদিও যোৱা 15 দিনৰ পৰা পানী যোগান ধৰা নাই ৷

তদুপৰি কিছু দিন পূৰ্বে মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰকল্পটো পৰিদৰ্শন কৰি এসপ্তাহৰ ভিতৰত এই অঞ্চল সমূহত পানী যোগান ধৰা হ'ব বুলি দম্ভ মাৰি কৈছিল যদিও বাস্তৱিকতে এয়া ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গ'ল ৷

লগতে পঢ়কঃ ডিমা হাছাওত দুদিনীয়া কাৰ্যসূচীৰে মুকলি জাতিংগা মহোৎসৱ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.