ETV Bharat / state

স্ব-গৃহত দীপাঞ্জল দাসৰ মৃতদেহ - ছয়গাওঁ কেব প্ৰতিবাদ

বৃহস্পতিবাৰে আৰক্ষীৰ গুলিত নিহত হোৱা ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাসৰ মৃতদেহ স্ব-গৃহলৈ অনা হয় ৷ শুকুৰবাৰে যুৱকজনৰ মৃতদেহ ছয়গাঁৱলৈ অনাৰ পিছতে হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এক বৃহৎ সমদলে যুৱকজনৰ নশ্বৰ দেহ আদৰি অনা হয় ৷

Chaigaon CAB protest
স্ব-গৃহত দীপাঞ্জল দাসৰ মৃতদেহ
author img

By

Published : Dec 13, 2019, 9:36 PM IST

Updated : Dec 13, 2019, 11:30 PM IST

ছয়গাওঁ, 13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ছয়গাঁৱত উত্তাল প্ৰতিবাদ ৷ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সহস্ৰাধিক ৰাইজৰ ৷ প্ৰতিবাদকাৰীসকলক সহযোগিতা প্ৰদান কৰে ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে বিভিন্ন দল-সংগঠনে ৷ গুৱাহাটী-গোৱালপাৰা সংযোগী 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে ৷

আনহাতে, বৃহস্পতিবাৰে আৰক্ষীৰ গুলিত নিহত হোৱা ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাসৰ মৃতদেহ স্ব-গৃহলৈ লৈ অনা হয় ৷ শুকুৰবাৰে যুৱকজনৰ মৃতদেহ ছয়গাঁৱলৈ অনাৰ পিছতে হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ৷ এক বৃহৎ সমদলৰ মাজত লৈ অনা হয় যুৱকজনৰ মৃতদেহ ৷ উল্লেখ্য যে, দীপাঞ্জল দাসক মৃত ঘোষণা কৰি আছুৱে 11 ঘন্টীয়া বন্ধ ঘোষণা কৰে ছয়গাঁৱত ৷

স্ব-গৃহত দীপাঞ্জল দাসৰ মৃতদেহ

লগতে পঢ়ক- সান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি

Intro:Body:

KAMRUP CHAYGAON PROTEST WITH DEADBODY

দক্ষিণ কামৰূপৰ ছয়গাওত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ওলাই আহিল সহস্ৰাধিক লোক । প্ৰতিবাদ কৰিবলৈ গৈ গুৱাহাটীত আৰক্ষীৰ গুলিত নিহত হোৱা ডিপাঞ্জল দাসক শ্ৰদ্ধাঞ্জলি হেজাৰ হেজাৰ লোকৰ ।

Ocvo...নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছয়গাওত উত্তাল প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক ৰাইজ । প্ৰতিবাদকাৰীক সহযোগ কৰিবলৈ আহিল ছয়গাও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি বহুতো দল-সংগঠম । তাল বজাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । 

সহস্ৰাধিক লোকে ৰাজপথৰ ওপৰত বহি অৱৰোধ কৰিলে ১৭ নং গুৱাহাটী-গোৱালাপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ । আনহাতে যি সময়ত অসম খাদী আৰু গ্ৰাম উদ্যোগ বিভাগৰ অধ্যক্ষ তথা ছয়গাওৰ অগপ নেতা কমলা কলিতাই কেবৰ সমৰ্থনত অৱস্থান গ্ৰহন কৰিছে সেই সময়ত আজি ছয়গাওত হোৱা প্ৰতিবাদত হেজাৰ হেজাৰ অগপ কৰ্মী ওলাই আহিছে । লগতে যোৱাকালি গুৱাহাটীত আৰক্ষীৰ গুলিত নিহত হোৱা ছয়গাওৰ যুৱক ডিপাঞ্জল দাসৰ মৃতদেহ নিজজনমভূমিলৈ লৈ অনা হয় । ছয়গাওৰ দলৈপাৰাৰ যুৱকজনৰ দেউতাকে ৰিক্সা চলাই পোহপাল দি গৈছিল ঘৰখন যাৰবাবে যুৱকজনে নিজে গুৱাহাটীত কৰিছিল কাম । 

আজি ছয়গাওত যুৱকজনৰ মৃতদেহ লৈা অনাৰ পিছতে ছয়গাওত হাজাৰ হাজাৰ লোকে জনালে শ্ৰদ্ধাঞ্জলি । এক বৃহৎ সমদলৰ মাজত লৈ অনা হ'ল মৃতদেহটো । মৃতযুৱকজনক শ্বহীদ ঘোষণা কৰি ছয়গাও আছুৰ অহাকালি ১১ ঘন্টীয়া বন্ধ ঘোষণা ছয়গাওত । 

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

Conclusion:
Last Updated : Dec 13, 2019, 11:30 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.