ETV Bharat / state

ৰাজ্যজুৰি পালন 'কাৰ্গিল বিজয় দিৱস' - চিত্ৰাংকন প্ৰতিযোগিতা

বৰমাত চিত্ৰাংকন প্ৰতিযোগিতা ৷ ৰঙিয়াত এছ এছ বি জোৱানৰ সমদল ৷ কাছাৰত ৰক্ত দান শিবিৰ ৷

ৰাজ্যজুৰি কাৰ্গিল বিজয় দিৱস পালন
author img

By

Published : Jul 26, 2019, 8:43 PM IST

বৰমা, ৰঙিয়া, শিলচৰ, 26 জুলাই : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো উদযাপন কাৰ্গিল বিজয় উৎসৱ ৷ নানা অনুষ্ঠান - প্ৰতিযোগিতা আয়োজনৰে উদযাপিত কাৰ্গিল বিজয় উৎসৱ ৷ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰ্গিল বিজয় উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয় ৷ লগতে, ছাত্ৰ ছাত্ৰী সকলক দেশপ্ৰেমৰ প্ৰতি জাগ্ৰত কৰিবৰ বাবে কাৰ্গিল যুদ্ধৰ ওপৰত বনোৱা তথ্যচিত্ৰ দেখুওৱা হয় ৷ ইফালে, ৰঙিয়াত হাতত পতাকা লৈ বন্দে মাতৰম ধ্বনিৰে সমদল উলিয়াই এছ এছ বি জোৱানসকলে ৷ বিজয় দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ বাবে ৰঙিয়াৰ এছ এছ বি 24 নং বেটেলিয়ানৰ ছেক্টৰ কাৰ্যালয়ত দুই মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয় ৷ আনহাতে, কাছাৰ জিলাৰ বাংলাদেশ সীমান্তৰ লেবাৰপূতা সীমান্ত চকীত এক ৰক্ত দান শিবিৰ আয়োজন কৰে বিএছএফৰ 131 বেটেলিয়ানে । এনেদৰেই আজি দিনটোত বিভিন্ন স্থানত উদযাপন কৰা হয় কাৰ্গিল বিজয় উৎসৱ ৷

Intro:বৰমাত কাৰ্গিল বিজয় উৎসৱৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাBody:বৰমাত কাৰ্গিল বিজয় উৎসৱঃ
বৰমা, ২৬ জুলাইঃ

বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কাৰ্গিল বিজয় উৎসৱৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে ৷ অনুস্থানটো পৰিচালনা কৰে বৰমাত থকা নৱম জাটঁ ৰেজিমেণ্টে ৷ ছাত্ৰ ছাত্ৰী সকলক দেশপ্ৰেমৰ প্ৰতি জাগ্ৰত কৰিবৰ বাবে কাৰ্গিল যুদ্ধৰ ওপৰত বনোৱা তথ্যচিত্ৰ দেখুওৱা হয় ৷ বৰমাৰ বিশিষ্ট চিত্ৰ শিল্পী জগেন হালৈ আৰু কমল দেউৰীয়ে চিত্ৰাংকন প্ৰতিযোগিতাখন পৰিচালনা কৰে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:1999 তাৰিখৰ আজিৰ দিনটোতেই ভাৰতীয় সৈনিকেে পাকিস্তানী অনুপ্ৰবেশকাৰীক উলিয়াই দিবৰ কাৰণে যুদ্ধ কৰি বিজয় হৈছিল ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.