নিউজ ডেস্ক, 13 জানুৱাৰীঃ ৰাজ্যত অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ ৷ ভোগালী বিহুৰ প্ৰাক ক্ষণতো জাতিধ্বংসী আইনখনকলৈ ব্যাপক প্ৰতিবাদ ৷ দেওবাৰে একে অনুৰূপ দৃশ্য দেখা পোৱা গ’ল হ’ল ৰঙিয়া আৰু বৰপেটাত ৷
নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত দেওবাৰে ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই চহৰখনত বাহিৰ কৰে এক জোৰ সমদল । ৰঙিয়া ষ্টেচন ৰোডৰ স্পৰ্শ হস্পিতালৰ পৰা বাহিৰ কৰা হৈছিল জোৰ সমদলটো ৷ কা বাতিল নহ’লে ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি বিজেপি চৰকাৰৰ লগতে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে আছু নেতৃত্বৰ লগতে স্থানীয় ৰাইজে ৷
ইপিনে দেওবাৰে বৰপেটাটো দেখা গ’ল কা বিৰোধী ব্যাপক প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত সৰভোগত বাহিৰ কৰা হয় জোৰ সমদল ৷ কা আমি নামানো, কা বাতিল কৰক, ৰঞ্জিৎ দাস, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে ।
আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ গৃহ চহৰতো টৰ্চ লাইট জ্বলাই সমদল উলিওৱা হয় ৷ কা বাতিল কৰক, বিজেপিৰ হিটলাৰী শাসন নচলিব, বিজেপি মুৰ্দাবাদ, অসমীয়া বঙালীৰ মাজত সংঘাত সৃষ্টিকাৰী বিজেপি মুৰ্দাবাদ, জয় আই অসম আদি শ্ল’গান দি বৰপেটাৰোড উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য যে, যোৱা 10 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ পাচত অধিক তীব্ৰতৰ হৈ পৰিছে কা বিৰোধী আন্দোলন ৷ এই জাতিধ্বংসী আইন বাতিল নোহোৱালৈকে এই আন্দোলন চলি থাকিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷