ৰঙিয়া, 19 মাৰ্চ : নিৰ্বাচনৰ বতৰ, মাজত মাত্ৰ কেইটামান দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ ৷ এফালে ৰাজনৈতিক নেতাৰ বাক যুদ্ধ, আনফালে প্ৰতিশ্ৰুতিৰে দিছপুৰ মছনদ দখলৰ প্ৰয়াস ৷ কিন্তু এতিয়াও কা' আন্দোলন বা নাগৰিকত্ব সংশোধন আইন, 2019 ৰ সন্দৰ্ভত কোনো এটা দল তথা প্ৰাৰ্থীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই ৷ ভবা হৈছিল কা' আন্দোলনে এইবাৰৰ নিৰ্বাচনী বাতাবৰণ সলনি কৰিব ৷
দুই এজন লেখক বৃদ্ধিজীৱি, ৰাজনৈতিক দলৰ লগতে সীমিত সংখ্যক লোকৰ বাহিৰে এতিয়া সকলোৰে বাবে যেন কা' আন্দোলন অপ্ৰাসংগিক ৷ শুকুৰবাৰে ৰঙিয়া ৰাজপথলৈ উলাই আহিল কা' আন্দোলনত অংশগ্ৰহণ কৰা কেইজনমান যুৱক ৷ এই যুৱক কেইজনে ক'লে, কা' আন্দোলনৰ গইনা লৈ একাংশই ৰাজনৈতিক মুনাফা লাভৰ যুঁজত নামি পৰিছে ।
উল্লেখ্য যে, সেই সময় আছিল কা আন্দোলনৰ ৷ অসমৰ ভাষা, সংস্কৃতি তথা ঐতিৰ্য ৰক্ষাৰ যুঁজ ৷ টায়াৰ জুই ধোঁৱাৰে চানি ধৰিছে আকাশ ৷ সকলোফালে স্বতঃস্ফুৰ্ত প্ৰতিবাদ ৷ প্ৰাণ দিলে 5 জনকৈ যুৱকে ৷ কিন্তু এতিয়া সেই পৰিবেশ নাই, সেই প্ৰসংগও নাই ৷ নিৰ্বাচনত প্ৰাৰ্থীত্ব যুঁজ আৰু দিছপুৰৰ মছনদ দখলৰ প্ৰতিয়োগিতাখনত যেন হেৰাই গ'ল সেই কা' আন্দোলন ৷
লগতে পঢ়ক: চাবুৱাত নিৰ্বাচনী ৰণডংকা বজাব প্রধানমন্ত্রী মোডীয়ে