ৰঙিয়া, 3 মাৰ্চঃ ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত অগ্নিকাণ্ড ৷ ঘাইপথৰ মাজতে দাউ দাউকৈ জ্বলিল চলন্ত বাছ ৷ বাইহাটা চাৰিআলিত তেল ভৰাই খালী বাছখন ৰঙিয়ালৈ উভতি আহি থাকোতে সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ সমীপত দাউ দাউকৈ জ্বলি উঠে। হঠাৎ ঘাইপথত এনে অঘটন সংঘটিত হোৱাত অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হোৱাৰ লগতে ঘাইপথত গাড়ীবোৰ আবদ্ধ হৈ পৰে ৷ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে। বাছ চালকে জানিবলৈ দিয়া মতে গাড়ীখন হঠাতে গৰম হৈ পিছফালে জুইৰ সৃষ্টি হয়। জুই নুমুৱাবৰ বাবে গাড়ীখন ৰাখি ওচৰৰ দমকলৰ পৰা পানী আনিবলৈ যাওতে গোটেই বাছখন জুইয়ে আৱৰি ধৰে। অৱশ্যে এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।
ৰঙিয়াৰ ৰাজপথত জ্বলিল চলন্ত বাছ - ৰঙিয়াৰ ৰাজপথত অগ্নিকাণ্ড
ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন ৷ ৰঙিয়াৰ ঘাইপথত দাউ দাউকৈ জ্বলিল চলন্ত বাছ। নিমিষতে জ্বলি ভস্মীভূত হ'ল ৰঙিয়াৰ কয়দী কঢ়িওৱা চুনু-মুনু নামৰ বাছখন ।
![ৰঙিয়াৰ ৰাজপথত জ্বলিল চলন্ত বাছ bus burn at rangia](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6273992-67-6273992-1583202978822.jpg?imwidth=3840)