ৰঙিয়া, 29অক্টোবৰঃ দীৰ্ঘ দিন ধৰি যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা ৰঙিয়াৰ দদোতিয়াৰ ৰাইজে অৱশেষত নোনা নৈৰ ওপৰত নিজে নিৰ্মাণ কৰিলে বাঁহৰ দলং। কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৰ এই অঞ্চলৰ ৰাইজে চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষলৈ অপেক্ষা নকৰি অঞ্চলটোৰ একাংশ শুভাকাংক্ষীৰ সহযোগত দলংখন নিৰ্মাণ কৰি উলিয়ায়। দলংখন নিৰ্মাণ হোৱাৰ পাচতে সাময়িকভাৱে হ'লেও যাতায়তৰ ক্ষেত্ৰত সকাহ লাভ কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ যাৰ বাবে ৰাইজৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইপিনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বাৰম্বাৰ এখন দলং নিৰ্মাণ কৰাৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ বাবে শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে মৰণত শৰণ লৈ অতি বিপদজনকভাৱে যাতায়ত কৰি আহিছে। এনেদৰে যাত্ৰা কৰোতে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । ফলত উপায়বিহীন হৈ গঞা লোকসকলে নিজেই কোনোমতে চলিব পৰাকৈ এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ায় ।
উল্লেখ্য যে পূৰ্বে ইয়াত দুডাল বাঁহৰ সাঁকোৰে অতি বিপদজনকভাৱে নোনা নৈৰে অঞ্চলবাসীয়ে যাতায়ত কৰি আহিছিল । মাত্ৰ দুদিনৰ ভিতৰত যুদ্ধ সদৃশ গতিৰে শতাধিক লোকে দিনে-নিশাই শ্ৰমদান কৰি বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ায়। যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা লোকসকলে নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ হোৱাত অঞ্চলটোৰ ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰে।
লগতে পঢ়ক- সাৱধান! ৰাজ্যত সক্ৰিয় কিশোৰ সৰবৰাহকাৰী; কাশ্মীৰলৈ সৰবৰাহ !