ETV Bharat / state

মাত্ৰ 10 বছৰ বয়সতে অন্ধকাৰ পৃথিৱীত নিলোৎপল

author img

By

Published : Aug 12, 2020, 6:50 PM IST

হঠাতে মূমূৰ্ষ হৈ পৰে নিলোৎপল ৷ নিশা শুই থকা সময়ত প্ৰায় 20/25 বাৰলৈ মূমূৰ্ষ হৈ পৰে নিলোৎপল ৷ মাটি-বাৰী সকলো বিক্ৰি কৰি পুত্ৰক বাহিৰলৈ লৈ যায় যদিও এই পৰ্যন্ত চেন্নাইৰ চিকিৎসকেও নিলোৎপলৰ ৰোগৰ কোনো চিকিৎসা প্ৰদান কৰিব পৰা নাই ৷ সেয়ে পুত্ৰক পুনৰ অসমলৈ উভতাই আনিছে বিনোদ বৰাই ৷ ইতিমধ্যে সৰ্বস্বান্ত বিনোদ বৰাক মন্ত্ৰী ভৱেশ কলিতাই আৰ্থিকভাৱে কিছু সহায় কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ সেয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ ৰাইজ তথা চৰকাৰৰ কাষত সহায়ৰ আহ্বান জনাইছে পৰিয়ালটোৱে ৷

Baihata
বাইহাটা

বাইহাটা, 12 আগষ্টঃ এটা মৰম লগা কিশোৰ ৷ নাম নিলোৎপল বৰা ৷ যিটো সময়ত 10 বছৰীয়া নিলোৎপলে সমনীয়াৰ লগত খেলা-ধূলা কৰি দিন পাৰ কৰিব লগিছিল তেনে সময়তে এক অচিন ৰোগত আক্ৰান্ত হৈ শয্যাগত হয় নিলোৎপল ৷ ইতিমধ্যে নিলোৎপলৰ প্ৰাথমিক চিকিৎসাৰ নামতে সৰ্বস্বান্ত হৈ পৰিছে পিতৃ-মাতৃ ৷ দিন হাজিৰা কৰা নিলোৎপলৰ পিতৃ বিনোদ বৰাই পুত্ৰক চেন্নাইলৈও লৈ গৈছে যদিও কোনো সুফল পোৱা নাই ৷

লগতে পঢ়কঃ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ পোষকতা জনসংখ্য়া সমাধান ফাউণ্ডেছনৰ

জানিব পৰা মতে, হঠাতে মূমূৰ্ষ হৈ পৰে নিলোৎপল ৷ নিশা শুই থকা সময়ত প্ৰায় 20/25 বাৰলৈ মূমূৰ্ষ হৈ পৰে নিলোৎপল ৷ মাটি-বাৰী সকলো বিক্ৰি কৰি পুত্ৰক বাহিৰলৈ লৈ যায় যদিও এই পৰ্যন্ত চেন্নাইৰ চিকিৎসকেও নিলোৎপলৰ ৰোগৰ কোনো চিকিৎসা প্ৰদান কৰিব পৰা নাই ৷ সেয়ে পুত্ৰক পুনৰ অসমলৈ উভতাই আনিছে বিনোদ বৰাই ৷ ইতিমধ্যে সৰ্বস্বান্ত বিনোদ বৰাক মন্ত্ৰী ভৱেশ কলিতাই আৰ্থিকভাৱে কিছু সহায় কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ সেয়ে পুত্ৰক সুস্থ কৰি তুলিবলৈ ৰাইজ তথা চৰকাৰৰ কাষত সহায়ৰ আহ্বান জনাইছে পৰিয়ালটোৱে ৷

বাইহাটা

গতিকে যিসকল হৃদয়বান ব্যক্তিয়ে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেখেতসকলে ভাৰতীয় ষ্টেট বেঙ্কৰ বাইহাটা চাৰিআলি শাখাৰ আৰতি ডেকাৰ নাম ৰ "৩৪৭৬১৬৫৭৬৩৮ IFSC Code-- SBIN০০১১৬১৪" নম্বৰৰ একাউণ্টত আৰ্থিক সহায় কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.