ETV Bharat / state

বকোত জব্দ বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা

বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা জব্দ হয় বকোৰ নেউলডোৱাত ৷ সচেতন লোকৰ অভিযোগ মতে, ন বিভাগৰ একাংশ কৰ্মচাৰীক হাতৰ মুঠিত ৰাখি বন ধ্বংস কৰি অনা হৈছে লক্ষ্যাধিক মূল্যৰ এই কুণ্ডাসমূহ ৷

BOKO WOOD LOGS SEIZED
বৃহৎ পৰিমাণৰ শাল গছ জব্দ
author img

By

Published : Jan 3, 2020, 11:50 AM IST

বকো, 3 জানুৱাৰী: শুকুৰবাৰে বকোৰ নেউলডোৱাত জব্দ হয় বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা ৷ বনজ সম্পদৰে ভৰপুৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ সেউজ ভূমি সংকুচিত হৈ অহা সময়তে, বৃহৎ সংখ্যক শাল গছ জব্দ হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই অপৈনত শাল গছ খিনি শৰাইঘাট ইঞ্জিনিয়াৰ্চ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে, নিৰ্মীয়মান অৱস্থাত থকা মৰা কলহী নদীৰ ওপৰত 100 মিটাৰ দৈৰ্ঘৰ পকী দলং খন নিৰ্মাণৰ বাবে চোৰাং ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল ৷ নিশাৰ ভাগত চোৰাংভাৱে যোগান ধৰিছিল অপৈনত শালগছৰ কুণ্ডাখিনি ৷

বৃহৎ পৰিমাণৰ অপৈণত শালগছৰ কুণ্ডা জব্দ

আজি ৰাতিপুৱা ভাগত একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত, বকোস্থিত শিংৰা, বামুনীগাঁও, কুকুৰমাৰা আৰু নগৰবেৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীৰ দল নিৰ্মাণস্থলীত উপস্থিত হৈ, কুণ্ডাখিনি জব্দ কৰি শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷ অভিযোগ অনুসৰি, বন বিভাগৰ একাংশ কৰ্মচাৰীক হাতৰ মুঠিত ৰাখি বন ধ্বংস কৰি অনা দহ লক্ষ্যাধিক মূল্যৰ এই কুণ্ডাসমূহ, ঠিকাদাৰক যোগান ধৰে চোৰাং ব্যৱসায়ীয়ে ৷ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বন বিভাগৰ কাৰ্যালয় সমূহৰ সন্মুখেৰে এই কুণ্ডা কেনেকৈ পাৰ হৈ আহিল তাক লৈ এতিয়া ৰাইজৰ মাজত ব্য়াপক চৰ্চা চলিছে ৷

লগতে পঢ়ক: লখিমপুৰত ধৃত জালনোট চক্ৰৰ সদস্য

Intro:Body:পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ সেউজ ভূমি সংকুচিত হৈ অহা মূহূৰ্ততে আজি বকোৰ নেউলডোবাত জব্দ হয় বৃহৎ পৰিমাণৰ অপৈনত শালগছৰ টুকুৰা৷ বনজ সম্পদৰে ভৰপুৰ বন সংমণ্ডলটোৰ সেউজ ভূমি সংকুচিত হৈ অহা সময়তে বকোৰ নেউলডোৱাত বৃহৎ সংখ্যক শাল গছ জব্দ হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ জানিব পৰা মতে, এই বৃহৎ অপৈনত শাল গছ খিনি শৰাইঘাট ইঞ্জিনিয়াৰ্চ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নেউলডোৱাৰ গড়কাপ্তানি পথৰ পৰা গৰৈমাৰীলৈ যোৱা প্ৰায় দহ কিলোমিটাৰ পথত নিৰ্মাণৰত মৰা কলহী নদীৰ ওপৰত ১০০ মিটাৰ দৈৰ্ঘ্যৰ পকীদলং নিৰ্মাণৰ বাবে চোৰাং ব্যাৱহায়ীৰ পৰা আনিছিল৷ নিশাৰভাগত চোৰাংভাৱে যোগানকাৰীয়ে যোগান ধৰিছিল অপৈনত শালগছ খিনি৷ আজি ৰাতিপুৱাৰ ভাগত একাংশ সচেতন লোকৰ অভিযোগ মতে বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীৰ দলৰ সৈতে বামুনীগাঁও, কুকুৰমাৰা, নগৰবেৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বন কৰ্মীৰ দলে নেউলডোৱাস্থিত পকী দলঙত উপস্থিতহৈ জব্ধ কৰে অপৈনত বৃহৎ পৰিমানৰ শাল গছ খিনি৷ পিছত শালগছ খিনি জেচিভি লগাই ট্ৰাকত উঠাই বকোস্থিত শিংৰা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়৷ উল্লেখযোগ্য যে, প্ৰায় দহ লক্ষ্যাধিক মূল্যৰ জব্ধ কৰা অপৈনত শালগছ খিনিৰ সন্দৰ্ভত বন বিভাগে মূখ নুখুলিলে৷ আশ্বৰ্যকৰ বিষয় নিশাৰভাগত বিগত দুই তিনিদিন ধৰি ট্ৰাকেৰে চোৰংকৈ অনা অপৈনত শালগছ খিনি চোৰংকাঠ ব্যাৱসায়ীয়ে নিৰ্মাণৰত পথটোত ঠিকাদাৰক যোগান ধৰাৰ অভিযোগ উঠিছে৷ বন বিভাগৰ একাংশ বিষয়া- কৰ্মচাৰীক মেনেজ কৰি চোৰাং বন মাফিয়াই দিনে নিশাই বনাঞ্চল সমূহত ধংসলীলা চলাই আহিছে৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা বিয়াগোম বন বিভাগৰ কাৰ্যালয় সমূহৰ সন্মূখেৰে এনে বৃহৎ পৰিমানৰ দীঘল দীঘল শালগছ কেনেকৈ আনিলে সেয়াও ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷ একাংশ বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্তততাৰ বাবে এনেদৰে নিতৌ কাৰ্যালয়ৰ সন্মূখেৰে সৰৱৰাহ হোৱা চোৰাংকাঠ, কাঠৰ কুণ্ডা, গছ, আৰু ফলাকাঠ সৰৱৰাহ হোৱাৰ পাছতো চকুমুদা কুলিৰ ভাঁৱত থকা বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে জব্দ কৰা অপৈন শাল গছৰ খিনি সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.