ETV Bharat / state

বকোত সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱস উদযাপন

author img

By

Published : Apr 24, 2021, 9:17 AM IST

Updated : Apr 24, 2021, 9:59 AM IST

শুকুৰবাৰে বকোত ৰাভা সংগ্ৰামত আত্মাহুতি দিয়া বীৰ শ্বহীদক স্মৰণ কৰি কেন্দ্ৰীয়ভাৱে সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱস পালন কৰা হয় । নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত হয় ৰাভা জাতীয় শ্বহীদ দিৱস ।

বকোত সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱস উদযাপন
বকোত সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱস উদযাপন

বকো,24 এপ্ৰিল: বকোত কেন্দ্ৰীয়ভাৱে পালন সপ্তদশ বাৰ্ষিক ৰাভা জাতীয় শ্বহীদ দিৱস ৷ ৰাভা সংগ্ৰামত আত্মাহুতি দিয়া বীৰ শ্বহীদক স্মৰণ কৰি এই জাতীয় শ্বহীদ দিৱস পালন কৰা হয় ৷ নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰে বকোত ৰাভা জাতীয় শ্বহীদ দিৱস আয়োজিত কৰা হয় ৷

বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সমীপত জাৰাপাৰাত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই নতুনকৈ স্থাপন কৰা শ্বহীদ বেদীত এই দিৱস পালন কৰা হয় ৷ উল্লেখ্য যে, শ্বহীদ দিৱসত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কম্বুৰাম ৰাভাকে ধৰি বহুকেইজন ৰাভা নেতৃত্ব উপস্থিত থাকে । ক’ভিডৰ বাবে প্ৰশাসনিক নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ শ্বহীদ দিৱস পালন কৰে ৰাভা ছাত্ৰ সন্থাই ।

লগতে পঢ়ক : বৰপেটাৰোডত চোৰাং তেল চুৰি চক্ৰ উৎখাত

Last Updated : Apr 24, 2021, 9:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.