ছয়গাঁও,২৬জুন : বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৯৫ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল মহিমাৰি গাঁৱৰ আমিৰ হামজাই । স্থান দখলেৰে ছয়গাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা আমিৰক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে শুকুৰবাৰে পুৱাই কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত মহিমাৰিত উপস্থিত হয়গৈ সমষ্টিটোৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ।
![BOKO_MLA FELICITATES MERITORIOUS STUDENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/cdp1_1406newsroom_1592119502_770.jpg)
বিধায়ক গৰাকীয়ে পুৱাই মনিৰুলৰ ঘৰত উপস্থিত হৈ মনিৰুলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ২৫ হাজাৰ টকাৰ এখন চেক, এটা লেপটপ, এখনিকৈ শৰাই, ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্ভাষণ জনোৱাৰ লগতে মেধাৱী ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মনিৰুলে ভৱিষ্যতে স্বাস্থ্য বিভাগত কাম কৰি ৰাইজক সেৱা শুশ্ৰূষা কৰাৰ সপোন পুহি ৰখাৰ কথা উল্লেখ কৰিলে ।
উল্লেখ্য যে, নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বঙৰাৰ পৰা ধৰ্মেশ্বৰ নাথ আৰু ভাৰতী নাথৰ একমাত্ৰ পুত্ৰ চিন্ময় নাথেও উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক :
পিতৃহীনা অপৰাজিতাৰ ফলাফলত আনন্দিত আমগুৰিবাসী