ছয়গাঁও,3 জানুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত শান্তিপুৰত অনুষ্ঠিত হয় চি এ এ বিৰোধী বিশাল প্ৰতিবাদী সভা ৷ গাৰো জাতীয় পৰিষদ,গাৰো যুৱ পৰিষদ আৰু গাৰো মহিলা পৰিষদৰ কামৰূপ জিলা কমিটিয়ে আহ্বান জনোৱা প্ৰতিবাদী সভাখনত শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । লগতে শ্বহীদ পাঁচজনক স্মৰণ কৰি বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷
প্ৰতিবাদী সভাখনত উপস্থিত থাকে গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলাৰ সভাপতি ইনিন্দ্ৰ ইউ মাৰাক,গাৰো জাতীয় পৰিষদৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ সভাপতি বেনেডিক্ট আৰেং,গাৰো যুৱ পৰিষদৰ মুখ্য উপদেষ্টা সুনিত পি মাৰাক আদি ৷ সভাত বিজেপিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে গাৰো নেতাসকলে ৷
সভাখনৰ শেষত ৰাইজে চি এ এ বিৰোধী শ্লোগান দি এক প্ৰতিবাদী সমদল উলিয়ায় । সুনিত পি মাৰাকে জানিবলৈ দিয়া মতে,এই প্ৰতিবাদ ক্ৰমান্বয়ে কামৰূপৰ পৰা গোৱালপাৰা জিলালৈ চলি থাকিব ৷ লগতে কৃষক নেতা অখিল গগৈ,জীতেন দত্ত আদিকে ধৰি আৰক্ষীয়ে যিসকল আন্দোলনত জৰিত নেতাক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক বিনা চৰ্তে মোকোলাই দিবলৈ আহ্বান জনাই চৰকাৰক ।
লগতে চাওকঃঘন কুঁৱলীৰ বাবে মধ্যপ্ৰদেশত সংঘটিত বিমান দুৰ্ঘটনাঃপাইলটৰ মৃত্যু