ETV Bharat / state

ছয়গাঁৱত চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে বন বিভাগ জড়িত থকাৰ অভিযোগ

author img

By

Published : Nov 8, 2020, 9:48 PM IST

ছয়গাঁৱৰ গৰৈমাৰী লাৰুৱাজানত কুকুৰমাৰা বন বিভাগৰ অভিযানত জব্দ চেগুনসহ বৃহৎ পৰিমাণৰ ফলা কাঠ ৷ জব্দ কৰা ফলা কাঠখিনি কুকুৰমাৰা বিট কাৰ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ পাচতে সন্ধানহীন হয় ফলা কাঠৰ বাহন ৷ ঘটনা সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

boko forest department seized woods and sold it
চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে বন বিভাগ জড়িত থকাৰ অভিযোগ

বকো,8 নৱেম্বৰ : ৰক্ষকেই ভক্ষক ৷ এই আপ্তবাক্যশাৰী আখৰে আখৰে প্ৰমাণিত হ’ল পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত ।

দেওবাৰে পুৱাৰ ভাগত ছয়গাঁৱৰ গৰৈমাৰী লাৰুৱাজানত চলিল পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ কুকুৰমাৰা বন বিভাগৰ অভিযান । অবৈধ ফলা কাঠ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ এই অভিযান । অভিযানৰ নেতৃত্বত আছে কুকুৰমাৰা বিট অফিচাৰ সঞ্জয় কুমাৰ নাথ । অভিযানকাৰী দলে লাৰুৱাজানত জব্দ কৰে চেগুনৰ সৈতে বৃহৎ পৰিমাণৰ ফলা কাঠ । জব্দ কৰা ফলা কাঠখিনি কুকুৰমাৰা বিট অফিচলৈ নিয়াৰ ব্যৱস্থা কৰে বন বিভাগে । এখন 1109 আৰু AS-25 CC-8771 টাটা ডিআই বাহনেৰে নিয়াৰ ব্যৱস্থা কৰে ফলা কাঠখিনি ।

এইখিনিলৈ সকলো ঠিকেই আছিল । কিন্তু হঠাৎ সন্ধানহীন হ’ল বন বিভাগৰ কাৰ্যালয়লৈ গৈ থকা কাঠভৰ্তি বাহনখন । বন বিভাগৰ কাৰ্যালয়ৰ বিপৰীতে বাহনখন সোমাল গৰৈমাৰীৰ হাতীপাৰাৰ ফকিৰপাৰাত । ফকিৰপাৰাৰ চোৰাং কাঠৰ ব্যৱসায়ী আফজাল আলীৰ বাসগৃহৰ চৌহদত সোমাল বন বিভাগে জব্দ কৰি অনা ফলা কাঠৰ বাহনখন ৷

ঘটনা সন্দৰ্ভত স্থানীয় একাংশ যুৱকে অভিযান চলাই পোহৰলৈ আনে বন বিভাগৰ এই কৰ্মৰ ৰহস্য । অভিযোগ অনুসৰি, এক বিশেষ অংকৰ বিনিময়ত বন বিভাগে আফজাল আলীক হস্তান্তৰ কৰিছে জব্দ কৰা ফলা কাঠ । সমগ্ৰ ঘটনা সন্দৰ্ভত বাহনৰ চালকজনেও চাঞ্চল্যকৰ ভাষ্য প্ৰদান কৰে । পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ৰঞ্জন গোস্বামীৰ নেতৃত্বত দক্ষিণ কামৰূপত চলি আছে বন বিভাগৰ এখন ৰমৰমীয়া বেহা । জব্দ কৰা অবৈধ বাহন, কাঠ ফলা মেচিন আদি গোপনে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে পুনৰ অসাধু ব্যৱসায়ীক বিক্ৰী কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ৰাজপথলৈ চোঁচোৰাই নি মহিলাৰ ডিঙিৰ চেইন কাঢ়িলে চিলনী চোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.