ETV Bharat / state

বকোত আৰম্ভ ক'ভিড-19 প্ৰতিষেধক টীকাকৰণ - কামৰূপ জিলা

বকোত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কভিড-১৯ প্ৰতিকাৰৰ টীকাকৰণ প্ৰক্ৰিয়া। বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু বহু কেইগৰাকী চিকিৎসা বিষয়াৰ উপস্থিতিত এই টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

COVID VACCINATION START AT BOKO
বকোত আৰম্ভ ক'ভিড-19 প্ৰতিষেধক টীকাকৰণ
author img

By

Published : Feb 6, 2021, 6:47 AM IST

বকো,6 ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ বকোত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ক'ভিড-১৯ প্ৰতিকাৰৰ টীকাকৰণ প্ৰক্ৰিয়া। সমগ্ৰ বিশ্বক স্তব্ধ কৰি তোলা কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ ঔষধ,ভেকচিন আদি বিভিন্ন ৰাষ্ট্ৰই আৱিষ্কাৰ কৰিছে। ভাৰতবৰ্ষতো কৰ'ণা মহামাৰীৰ প্ৰতিকাৰৰ বাবে ক'ভিচিল্ড নামৰ ঔষধ বিজ্ঞানী সকলে ৷ ইতিমধ্যে এই ঔষধৰে ৰাজ্যত টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে।

সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে আজি কামৰূপ জিলাৰ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এই ক'ভিড-১৯ প্ৰতিকাৰৰ টিকাকৰণ শুভাৰম্ভ কৰা হয় ৷ এই টিকাকৰণ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বকো মহকুমা চিকিৎসা স্বাস্থ্য বিষয়া মহিতোষ বেনাৰ্জী,বকো সামূহিক চিকিৎসা কেন্দ্ৰৰ উপ অধীক্ষক ডঃ হেমন্ত কুমাৰ বৰা,বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগতে আন বহু কেইগৰাকী চিকিৎসা বিষয়া।

উল্লেখযোগ্য যে,চৰকাৰী নিয়মানুসৰি ক'ভিড যোদ্ধাসকলক প্ৰথমতে এই ভেকচিন দিয়া হ'ব আৰু ইয়াৰ পিছতে বকোৰ ৭৬৭ গৰাকী স্বাস্থ্য কৰ্মীক চাৰিদিনৰ ভিতৰত এই ভেকচিন দিয়া হ'ব বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক-সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.