বকো, 5 মাৰ্চ: পছোৱা বতাহৰ সমান্তৰালকৈ বকো সমষ্টিত বলিছে নিৰ্বাচনী গৰম বতাহ ৷ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰত্যেক ৰাজনৈতিক দলেই নিজ নিজ ৰণকৌশলেৰে ৰণক্ষেত্ৰত নামি পৰাৰ মাজতেই এতিয়া মিত্ৰজোঁটৰ মাজত আসনৰ ভাগ বাটোৱাৰাক লৈ সৃষ্টি হোৱা কন্দলে ব্যাপক চৰ্চা লাভ কৰিছে ৷
বৃহস্পতিবাৰে বকোৰ বিজেপিৰ কাৰ্যালয়তো প্ৰাৰ্থী প্ৰদানৰ দাবীত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ জানিব পৰা মতে বকোৰ বিজেপিৰ সমৰ্থকসকলে দক্ষিণ কামৰূপ জিলাৰ সভাপতিক বকোৰ কাৰ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰাৰ লগতে বকো বিজেপিৰ কাৰ্যালয়ত সমৰ্থকে তলা ওলোমাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ সভাপতি ধনেশ্বৰ তালুকদাৰক তুচ্ছ-তাচ্ছিল্য কৰাৰ লগতে বিজেপিৰ সমৰ্থক সকলে বকো সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদানৰ দাবী উত্থাপন কৰি তলা ওলোমাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷
উল্লেখ্য যে, এফালে কংগ্ৰেছৰ জোঁটবন্ধনে নিজা সমীকৰণেৰে নিৰ্বাচনলৈ বুলি ককালত টঙালি বন্ধাৰ পৰিৱৰ্তে বিজেপি আৰু অগপৰ মিত্ৰতাত আসন ভাগ বাটোৱাৰাক লৈ পৰিলক্ষিত হৈছে খামখেয়ালিৰ ৷ দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তই এতিয়া মিত্ৰজোঁটত থকা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত কেনে প্ৰভাৱ পেলাই সেইয়া লক্ষণীয় হ'ব ৷
লগতে পঢ়ক: বিজেপিৰ এশ শতাংশ বিজয় নিশ্চিত: ভূৱন পেগু