বকো, 3 জানুৱাৰী : বকো হাহিমৰ সমীপৰ আৰাড'ঙাত পথ দুৰ্ঘটনা ৷ বনভোজ খাবলৈ অহা দলৰ বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ বনভোজস্থলীৰ সমীপতে পথৰ কাষত বাগৰি পৰে বাছখন ৷ দুৰ্ঘটনাটোত ছাইদুল ইছলাম নামৰ এজন যুৱক নিহত হয় ৷ নিহত ছাইদুল ইছলামৰ ঘৰ নলবাৰীৰ ডিপ্তাত ৷
উল্লেখ্য যে, নলবাৰী জিলাৰ বৰমাৰ পৰা মেঘালয়ৰ আৰাড'ঙালৈ আহিছিল 35 জনীয়া বনভোজকাৰীৰ দলটো ৷ বৰ্তমানলৈকে দুৰ্ঘটনাটোত কিমানজন লোক আহত হৈছে সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক-স্বামীৰ চিতাত আত্মজাহৰ চেষ্টা পত্নীৰ