ETV Bharat / state

মিৰ্জাত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

author img

By

Published : Feb 7, 2021, 7:51 PM IST

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাত বিজেপিয়ে পৃষ্ঠা প্ৰমুখ সন্মিলনৰ আয়োজন কৰে । সন্মিলনৰ পৰাই আগন্তুক নিৰ্বাচনৰ বাবে দলৰ কৰ্মী সকলক সাজু হ'বলৈ আহ্বান জনালে উপস্থিত বিজেপি নেতাসকলে ।

মিৰ্জাত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন
মিৰ্জাত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

দক্ষিণ কামৰূপ, ৭ ফেব্ৰুৱাৰী: আহি থকা বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত পৃষ্ঠা প্ৰমুখ সন্মিলন কাৰ্যসূচীৰ আয়োজন কৰিছে । তাৰ অংশ হিচাপে দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাত দেওবাৰে আয়োজন কৰা হয় পৃষ্ঠা প্ৰমুখ সন্মিলনৰ । এই সন্মিলনত অংশ গ্ৰহণ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতা,ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীকে ধৰি হেমঙ্গ ঠাকুৰীয়া, অনুপ মেধি, হিমাংশু শেখৰ বৈশ্য, চুনিতা চাং কাকতি, ৰাজেন নাথসহ কেইবাগৰাকী নেতা ।

মিৰ্জাত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন

এই সন্মিলনৰ পৰাই আগন্তুক নিৰ্বাচনৰ বাবে পলাশবাৰী সমষ্টিৰ বিজেপি কৰ্মীসকলক সাজু হ'বলৈ আহ্বান জনালে বিজেপিৰ নেতাসকলে । সন্মিলনত বিজেপিৰ পৃষ্ঠা প্ৰমুখ ৰূপে নিযুক্তি দিয়া কৰ্মী সকলক ঘৰে ঘৰে গৈ খতিয়ান লোৱাৰ লগতে বিজেপিৰ প্ৰচাৰ চলাবলৈও আহ্বান জনাই স্থানীয় বিধায়ক প্ৰণৱ কলিতাই ।

আনহাতে অন্য দলৰ সূতা কম্বলৰ ৰাজনীতিত ভোল নাযাবলৈ সভাত উপস্থিত থকা পলাশবাৰী সমষ্টিৰ ভোটাৰ ৰাইজক অনুৰোধ জনালে বিজেপিৰ নেতাসকলে । সমান্তৰালকৈ বিজেপিৰ হাতত থকা পলাশবাৰী সমষ্টি কোনো কাৰণতে মিত্ৰজোঁট অগপক এৰি নিদিয়ে বুলি হুংকাৰ দিলে সন্মিলনত উপস্থিত থকা নেতা সকলে ।

লগতে পঢ়ক: আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.