ETV Bharat / state

পলাশবাৰীত নিৰ্বাচনী যুঁজ: টিকট লাগে হেমাংগ ঠাকুৰীয়াক - পলাশবাৰী

পলাশবাৰীত বিজেপিৰ পৰা নিৰ্বাচনী টিকট বিচাৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই । সমষ্টিক লৈ কোনো কাৰণতে অগপৰ সৈতে বুজা-বুজি হোৱা নাই আৰু কেতিয়াও নহয় ৷ এই মন্তব্য হেমাংগ ঠাকুৰীয়াৰ ৷

BJP Assam state spokesperson Hemanga Thakuriya will participate from Palasbari Constituency in Election
পলাশবাৰীত নিৰ্বাচনী প্ৰতিদ্বন্দিতা
author img

By

Published : Oct 12, 2020, 3:20 PM IST

আজাৰা,12 অক্টোবৰ: পলাশবাৰী সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । এটা ৰাজনৈতিক দলৰে বহুতো নেতাই ভিৰ কৰিছে সমষ্টিটোত ৷ এইবাৰ বিজেপিৰ পৰা নিৰ্বাচনী টিকট বিচাৰিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়াই ।

BJP Assam state spokesperson Hemanga Thakuriya will participate from Palasbari Constituency in Election
পলাশবাৰীত নিৰ্বাচনী প্ৰতিদ্বন্দিতা

বিগত কেইবাদিন ধৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কমলা কলিতাক লৈও মত প্ৰকাশ কৰে ঠাকুৰীয়াই । পলাশবাৰী সমষ্টিক লৈ কোনো কাৰণতে অগপৰ সৈতে বুজা-বুজি হোৱা নাই আৰু কেতিয়াও নহয় বুলি মন্তব্য কৰে হেমাংগ ঠাকুৰীয়াই ।

লগতে তেওঁ কয় যে,2011 চনত বিজেপিয়ে হেমাংগ ঠাকুৰীয়াক দলীয়ভাৱে টিকট প্ৰদান কৰে যদিও তেওঁ নিৰ্বাচনত পৰাজিত হৈছিল ৷ কিন্তু এইবাৰ 2021ত পুনৰ নিজকে টিকটৰ দাবীদাৰ বুলি কৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি মন্তব্য কৰে । আনহাতে তেওঁ পলাশবাৰী সমষ্টিৰ উপৰহালীত স্থাপন কৰিছে নিজ কাৰ্যালয় ।

উল্লেখ্য যে,পলাশবাৰী সমষ্টিত ইতিমধ্যে বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা আছে ৷ তাৰপাচতো হেমাংগ ঠাকুৰীয়াই বিজেপিৰ পৰা নিজকে টিকটৰ দাবীদাৰ কৰাক লৈ এতিয়া চৰ্চা হৈছে বিভিন্ন মহলত ।

লগতে পঢ়ক: নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.