ETV Bharat / state

ছয়গাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ - তদন্ত অব্যাহত

ছয়গাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ী চোৰ ৷ 18 আগষ্টত চলোৱা এক অভিযানত তিনিজন দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত ৷

Bike Thieft Arrested In Chhaygaon
ছয়গাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ
author img

By

Published : Aug 21, 2020, 2:01 PM IST

ছয়গাঁও, 21 আগষ্ট : ছয়গাঁও আৰক্ষীৰ আন এক বৃহৎ সাফল্য ৷ দক্ষিণ কামৰূপ আৰক্ষীৰ বাবে ম’ষ্ট ৱাণ্টেড হিচাপে পৰিচিত দুৰ্ধৰ্ষ গাড়ী চোৰ চক্ৰৰ তিনিজন লোকক আটক কৰাৰ পিচত আটকাধীন তিনিও গৰাকী গাড়ী চোৰৰ কবলৰ পৰা চুৰি গাড়ী উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইতিমধ্যে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা 18 আগষ্টত চলোৱা এক অভিযানত তিনিজন দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তিনিখন বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

Bike Thieft Arrested In Chhaygaon
ছয়গাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ

গৰৈমাৰীৰ হাতীপাৰাৰ ৰফিকুল ইছলামৰ লগতে ৰফিকুলৰ সহযোগী আবিদুল্লাকো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি পোৱা তথ্যৰ ভিত্তিত নিশা বকোৰ জাউৰীয়াকাটাত অভিযান চলাই কাদেৰ আলীক আটক কৰে আৰু চোৰজনৰ ঘৰৰ পৰা দুখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে, 19 আগষ্টত তিনিও গৰাকীকে আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে 7 দিনৰ বাবে নিজৰ জিন্মালৈ আনে ৷

বৰ্তমান আটকাধীন লোক কেইজনক ছয়গাঁও আৰক্ষী থানাত জেৰা কৰি থকাৰ সময়তে আৰক্ষীৰ জিন্মাত থকা কাদেৰ আলীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা কাদেৰ আলীৰ জাউকাটাদিয়াৰ ঘৰৰ পৰা আৰক্ষীয়ে দুখন বাইক উদ্ধাৰ কৰি ছয়গাঁও থানালৈ লৈ আহে ৷ আনকি, আৰক্ষীয়ে কাদেৰ আলীৰ ঘৰৰ পৰা জব্দ কৰা এ এছ ০১ বি এ ৯৭২৯ আৰু এ এছ ১৯ জে ৯৬৫৮ নম্বৰৰ বাইক দুখনৰ নম্বৰ প্লে'ট দুখন ভূৱা বুলি সন্দেহ কৰিছে ৷

উল্লেখ্য যে, তিনিওজন চোৰৰ কবলৰ পৰা আৰু অধিক চুৰি বাইক উদ্ধাৰ কৰাৰ বাবে ছয়গাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ দুগ্ধ পামত গেছ নিৰ্গমন, আহত 14

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.