ETV Bharat / state

বগৰীবাৰীৰ ভগ্ন মথাউৰি পৰ্যবেক্ষণ ভৱেশ কলিতাৰ

ৰঙিয়াৰ বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ৷ এছডিআৰ‌এফ পুঁজিৰ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে এই ভগ্ন মথাউৰিটোৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে বুলি জনাই মন্ত্ৰী ভৱেশ কলিতাই ৷

author img

By

Published : Apr 19, 2021, 8:01 PM IST

bhabesh kalita visited in construction side of the bagaribari embakment
বগৰীবাৰীৰ ভগ্ন মথাউৰিৰ নিৰ্মাণকাৰ্য পৰ্যবেক্ষণ ভবেশ কলিতাৰ

ৰঙিয়া,19 এপ্ৰিল: ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । দেওবাৰে উক্ত মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই ।

উল্লেখ্য যে, যোৱা বছৰ জুলাই মাহত বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ভাঙি সমগ্ৰ ৰঙিয়াতে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল । এই বানত সহস্ৰাধিক লোকৰ ব্যাপক ক্ষতিসাধন হৈছিল । আনকি নদীৰ গতিপথ পৰ্যন্ত সলনি হৈছিল সেই সময়চোৱাত । ইয়াৰ পিছত ৯ মাহৰ অন্তত মথাউৰিটোৰ প্ৰায় ৭০ শতাংশ কাম সম্পন্ন হয় ।

বগৰীবাৰীৰ ভগ্ন মথাউৰি পৰ্যবেক্ষণ ভৱেশ কলিতাৰ

মন্ত্ৰী ভৱেশ কলিতাই কয় যে,"বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিটো নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰা হৈছে । ভগ্ন মথাউৰিটোৰ বাবে ৰঙিয়াত পুনৰ বানৰ আশংকা থকাত ততাতৈয়াকৈ নিৰ্মাণৰ কাম কৰি থকা হৈছে ৷ যাতে সমগ্ৰ ৰঙিয়াক বানৰ পৰা সুৰক্ষিত কৰিব পৰা যায়" ৷ তদুপৰি এছডিআৰ‌এফ পুঁজিৰ অধীনত প্ৰায় ১০ কোটি টকা ব্যয় সাপেক্ষে এই ভগ্ন মথাউৰিটোৰ নিৰ্মাণৰ কাম কৰি থকা হৈছে বুলি জনাই মন্ত্ৰী কলিতাই ৷

লগতে পঢ়ক: দলংখন হ’ব : আজিও আশাৰে বাট চাই ৰৈছে চিৰাংঙৰ একাংশ ৰাইজে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.