ETV Bharat / state

BJP Slams Congress : ৰঙিয়াত বিজেপিক কোনেও হৰুৱাব নোৱাৰে: ৰাজ্যিক বিজেপিৰ সভাপতি - ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছক

কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছ দলক ৷ ৰঙিয়া সমষ্টিত ভৱেশ কলিতা সদায় অপ্ৰতিদ্বন্দী বুলি উল্লেখ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ ৷ কংগ্ৰেছক ভাৰতৰ জনগণে বিশ্বাসত নলয় বুলিও কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে (Bhabesh Kalita reaction on Congress) ।

Loksabha Election 2024
ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছক
author img

By

Published : Mar 13, 2023, 1:20 PM IST

ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছক

ৰঙিয়া, 13 মাৰ্চ : সমাগত লোকসভাৰ নিৰ্বাচন ৷ ইয়াকে লৈ শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে জোৰদাৰ প্ৰস্তুতি ৷ আগন্থক নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছ দলটোক । ২০১৯ তো কংগ্ৰেছ দলে মহাজোঁট গঠন কৰিছিল যদিও দলটোক কিন্তু ভাৰতবৰ্ষৰ ৰাইজে আকোঁৱালি নল’লে । ইয়াৰ কাৰণ বাখ্যা কৰি কলিতাই কয় যে, দেশ স্বাধীন হোৱাৰ পিছৰে পৰা কংগ্ৰেছ দলে বহু বছৰ ধৰি শাসনত আছিল যদিও দেশৰ আৰু দহৰ হকে একো কৰিব নোৱাৰিলে (BJP State president on Lok sabha Election 2024)।

দেশখন টুকুৰা টুকুৰ কৰি পেলোৱা দলটোৱে আকৌ ভাৰত জোড়ো যাত্ৰা, হাত ছে হাত জোড়ো যাত্ৰা কৰিলেও ৰাইজে পুনৰ কংগ্ৰেছক বিশ্বাসত নলয় বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে । কটা-চিঙা হাত যোৰা কেনেকৈ লাগিব বুলিও দলটোক প্ৰশ্ন উত্থাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Lok sabha Election 2024)৷

কংগ্ৰেছক ভাৰতৰ জনগণে কেতিয়াও বিশ্বাসত নলয় বুলিও স্পষ্টভাৱে কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । কংগ্ৰেছৰ নেতৃত্বত চলা সকলোৱে মিছা কথা কয় বুলি উল্লেখ কৰাৰ লগতে আভুৱা ভাৰি আজিকালি দেশ চলাব নোৱাৰি বুলি কয় । আগন্তুক নিৰ্বাচনত মহাজোঁটৰ কোনো কাম নাই বুলি কোৱাৰ লগতে মিছা কথা কোৱাৰ বাহিৰে দলটোৱে আন একোৱেই কৰিব নোৱাৰে কংগ্ৰেছক কৰিলে সমালোচনা । লগতে ক’লে, জনসাধাৰণে মিছা কথাত ভোল নাযায় । এআইইউডিএফৰ লগত মিত্ৰতা কৰে নে নকৰে সেয়া কংগ্ৰেছৰ নিজা কথা; কিন্তু বিজেপিক কোনেও প্ৰতিহত কৰিব নোৱাৰে বুলি কয় ভৱেশ কলিতাই (BJP State president Bhabesh Kalita) ৷

লগতে পঢ়ক : HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

আগন্তুক ২০২৪ চনৰ নিৰ্বাচনতো বিজেপিৰ মিত্ৰজোঁটৰ সপক্ষে ৰাইজে ভোটদান কৰিব বুলি দাবী কৰে ভৱেশ কলিতাই । আনহাতে বিগত নিৰ্বাচনৰ কথা উল্লেখ কৰি বিজেপিৰ ৰাজ‍্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কয় যে, প্ৰথমবাৰ ৰঙিয়াত নিৰ্বাচনত অৱতীৰ্ণ হওঁতে কংগ্ৰেছে ৩৫ হাজাৰ ভোটত পৰাজয় বৰণ কৰিছিল । শেহতীয়া নিৰ্বাচনত চাৰিটা দলে মহাজোঁট গঠন কৰিও ভৱেশ কলিতাক হৰুৱাব নোৱাৰিলে বুলি উল্লেখ কৰি ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই নিজকে অপ্ৰতিদ্বন্দী বুলি সংবাদ মাধ্যমৰ আগত সদম্ভে ঘোষণা কৰে (Bhabesh Kalita reaction on Congress )৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.