ETV Bharat / state

এটা পুখুৰীৰ নান্দনিক শোভাই হাত বাউল দি মাতিছে পথচাৰীক

author img

By

Published : Sep 17, 2020, 2:28 PM IST

ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত এটা পুখুৰী ৷ পুখুৰীটোৰ লহপহীয়াকৈ বাঢ়ি অহা পদুমে এবাৰলৈ হ'লেও হাত বাউল দি মাতে সেই পথেৰে পাৰ হৈ যোৱা পথচাৰীক ৷

এটা পুখুৰীৰ নান্দনিক শোভা
এটা পুখুৰীৰ নান্দনিক শোভা

ৰঙিয়া, 17 ছেপ্তেম্বৰ: ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত এটা পুখুৰী সম্প্ৰতি ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ যদিও প্ৰকৃতি সম্প্ৰতি ধ্বংসৰ গৰাহত তথাপিও প্ৰকৃতিয়ে সময়ে সময়ে বিভিন্ন প্ৰকাৰে প্ৰদৰ্শন কৰি আহিছে নিজৰ মনোমোহা ৰূপ ৷ ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত উত্তৰ ৰঙিয়া গোগমালাচা নামঘৰৰ নান্দনিক দৃশ্যও যেন তাৰেই এক উদাহৰণ ৷

এটা পুখুৰীৰ নান্দনিক শোভাই হাত বাউল দি মাতিছে পথচাৰীক

পুখৰীটোত দৃষ্টিনন্দনভাৱে পুষ্পিত হৈ থকা শত শহস্ৰ পদু‌মপাহে হাত বাউল দি মাতিছে প্ৰকৃতিপ্ৰেমীক ৷ প্ৰথমাৱস্থাত সেই পুখৰীৰ পৰা পূজা-পাৰ্বনৰ ব্যৱহাৰৰ উদ্দেশ্যে পদুম ফুল ছিগা হৈছিল যদিও, সম্প্ৰতি সংৰক্ষণৰ উদ্দেশ্যৰে নামঘৰ সমিটিৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হৈছে ফুল ছিগা কাৰ্য ৷ যাৰ ফলত অধিক নান্দনিক হৈ পৰিছে পুখুৰীটোৰ দৃশ্য ৷ লহপহীয়াকৈ বাঢ়ি অহা পদুমে এবাৰলৈ হ'লেও হাত বাউল দি মাতে সেই পথেৰে পাৰ হৈ যোৱা পথচাৰীক ৷

লগতে পঢ়ক: দোলাত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দুৰ্গতিনাশিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.