ৰঙিয়া,9 জুন : বাৰিষাৰ প্ৰথমটো বানত উটি গ'ল লৰমা গৌৰহাটীৰ এখন কাঠৰ দলং । কামৰূপ(গ্ৰাম্য) জিলাৰ ৰঙিয়া-হাজোৰ মাজত সংযোগ স্থাপন কৰা এই দলংখন উটুৱাই দিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পাচতে ফেনে-ফুটুকাৰে বাঢ়ি আহিছে বৰলীয়া নৈ ৷
বৰলীয়া নৈৰ ওপৰত থকা উক্ত দলংখন উটি যোৱাত এতিয়া ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা ৷ ক'ভিডৰ এই সংকটকালত যোগাযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দলংখন উটি যোৱা বাবে অঞ্চলটোলৈ জৰুৰীকালীন সেৱাসমূহ বৰ্তমান বন্ধ হৈ পৰিছে ৷
ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এখন পকী দলঙৰ বাবে বাৰম্বাৰ আবেদন কৰি আহিছিল যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল । ফলত বাৰিষাৰ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে দলংখন উটুয়াই লৈ যোৱাত এতিয়া জীয়াতু ভূগিবলগীয়া হৈছে ৰাইজে ৷
লগতে পঢ়ক: কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ