কামৰূপ, 13 ফেব্ৰুৱাৰী : এইবাৰ বাঘৰ ঘৰত মেকুৰী মাহীৰ তাণ্ডৱ ৷ কিয়নো আৰক্ষীৰ গৃহৰ পৰা চোৰে চুৰি কৰি নিলে এখন বলেৰ' বাহন ৷
জানিব পৰা মতে অসম আৰক্ষীত কৰ্তব্যৰত কামৰূপৰ নিজ গন্ধমৌৰ হাৰেকৃষ্ণ দাস নামৰ এজন লোকৰ ঘৰৰ গেটৰ তলা ভাঙি শুকুৰবাৰে নিশা চোৰে চুৰি কৰি নিয়ে AS-01-DL-7179 নম্বৰৰ এখন বলেৰ' বাহন ৷
গাড়ীখন হাৰেকৃষ্ণ দাসৰ ঘৰৰ গেৰেজত ৰখাই থোৱা আছিল ৷ ইতিমধ্যে এজাহাৰ ভিত্তিত শুৱালকুছি আৰক্ষীয়ে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন