বাইহাটা, 24 ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিৰ কমলপুৰ আৰক্ষীয়ে সোমবাৰে আটক কৰে এজন ৰড চোৰ । ঘটনা সন্দৰ্ভত, ২৫ নং বাইহাটা গাঁৱৰ পঞ্চায়তৰ পৰিসীমাৰ ভিতৰত এটা সভা গৃহৰ নিৰ্মাণ কাৰ্য চলি থকাত গৃহ নিৰ্মাণৰ বাবে অনা সামগ্ৰীসমূহ পঞ্চায়ত চৌহদত ৰখা হৈছিল । নিশাৰ সুযোগ লৈ ইদুল নামৰ এজন যুৱকে টেম্পো ভেনত বালিৰ লগতে ৰড লোড কৰে ।
ইদুলে পঞ্চায়ত কাৰ্যালয়ৰ ৰড চুৰি কৰা সচক্ষুৰে প্ৰত্যক্ষ কৰে এজন শ্ৰমিকে ৷ আনহাতে চুৰি কৰি ধৰা পৰা পাছত মেনেজ দিবলৈ শ্ৰমিকজনক 1000 টকাও উপঢৌকন দিয়ে ইদুলে ৷ কিন্তু শ্ৰমিকজনে সেই টকা গ্ৰহণ নকৰি কাষৰ এজন ব্যক্তিক ইদুলৰ বিষয়ে সকলো কথা বিৱৰি কয় ৷ পৰৱৰ্তি সময়ত কমলপুৰ আৰক্ষীয়ে আটক কৰে ইদুলক ।
লগতে পঢ়কঃ আজি ঝংকাৰ শইকীয়াৰ গোচৰৰ চূড়ান্ত ৰায়দান