কামৰূপ,১৩ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ এগৰাকী মহিলাই টুৰিষ্ট কাউণ্টাৰৰ টিকট কাটিবলৈ গৈ সৰ্বশ্ৰান্ত । বাক্সা জিলাৰ গোৰেশ্বৰৰ মহিলা এগৰাকীয়ে আত্মীয়ৰ সৈতে কোকৰাঝাৰলৈ যাবৰ বাবে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থিত পুষ্পক ট্ৰেভেলচৰ পৰা টিকট সংগ্ৰহ কৰিছিল । ট্ৰেভেল এজেঞ্চীটোৰ স্বত্বাধিকাৰীয়ে দুজন সমনীয়াৰ সৈতে মহিলা দুগৰাকীক খালী বাছ এখনত খৰধৰকৈ উঠাই দিয়ে ।
কোকৰাঝাৰত অধ্যয়নৰত পুত্ৰক দিবলৈ মহিলাগৰাকীয়ে ৫০ হাজাৰ টকা লগতে লৈ গৈছিল । খালী বাছখনত উঠাত মহিলা গৰাকীৰ লগত থকা টকাখিনি চুৰ কৰে যদিও মহিলাগৰাকীয়ে এই কথা গম পোৱা নাছিল । পৰৱৰ্তী সময়ত ৰঙিয়া পোৱাত যেতিয়া মহিলাগৰাকীয়ে বেগত থকা ম’বাইল ফোনটো উলিয়াবলৈ লই তেতিয়াহে এই কথা গম পায় । লগে লগে মহিলা দুগৰাকী বাছখনৰ পৰা নামি উভতি আহে বাইহাটা চাৰিআলিলৈ আৰু ট্ৰেভেল এজেঞ্চীটোৰ বিৰুদ্ধে বাইহাটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে । বাইহাটা আৰক্ষীয়ে তাৎক্ষণিকভাৱে এজেঞ্চীটোৰ গৰাকী বুলবুল আহমেদক আটক কৰে ৷ অন্য দুগৰাকী সহযোগী বাবলী আলী আৰু আবেদুৰ হাজৰিকা কিন্তু পলাই যাবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে বাইহাটা আৰক্ষীৰ ।
লগতে পঢ়ক: বাক্সাত সশস্ত্ৰ সীমা বলৰ চাফাই অভিযান