ETV Bharat / state

বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস - কমলপুৰ আৰক্ষী চকী

কমলপুৰ আৰক্ষী চকীৰ নিচেই সমীপতে অৱস্থিত ডাকঘৰটোৰ খিৰিকীৰ ৰ’দ কাটি চোৰে প্ৰৱেশ কৰি লুটপাত চলায় ৷ চোৰে ডাকঘৰটোৰ আণ্ডাৰ গ্ৰাউণ্ড লকাৰ ভাঙি মজুত ৰখা নথিপত্ৰসমূহ লণ্ড-ভণ্ড কৰে ৷ কিন্তু উক্ত সময়ত লকাৰটোত মজুত নাছিল কোনো নগদ ধন ৷

Baihata post office loot kamrup assam etv bharat news
বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস
author img

By

Published : Aug 24, 2020, 3:03 PM IST

বাইহাটা,24 আগষ্ট: ৰাজ্যত জাৰি থকা সান্ধ্য আইনৰ সুৰ্বণ সুযোগ গ্ৰহণ কৰিছে চোৰে ৷ সাধাৰণতে সান্ধ্য আইনৰ বাবে নিৰাপত্তাৰক্ষীকো দেখা নাযায় ৰাজপথসমূহত ৷ এনে সুবিধাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি বাইহাটা চাৰিআলিৰ সমিপৱৰ্তী কমলপুৰস্থিত ডাকঘৰত দেওবাৰে নিশা চোৰে চলালে লুটপাত ৷

বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস

কমলপুৰ আৰক্ষী চকীৰ নিচেই সমীপতে অৱস্থিত ডাকঘৰটোৰ খিৰিকীৰ ৰ’দ কাটি চোৰে প্ৰৱেশ কৰি লুটপাত চলায় ৷ চোৰে ডাকঘৰটোৰ আণ্ডাৰ গ্ৰাউণ্ড লকাৰ ভাঙি মজুত ৰখা নথিপত্ৰসমূহ লণ্ড-ভণ্ড কৰে ৷ কিন্তু উক্ত সময়ত লকাৰটোত মজুত নাছিল নগদ ধন ৷ সোমবাৰে পুৱা ডাকঘৰটোৰ কৰ্মচাৰীসকল কাৰ্যালয়ত উপস্থিত হোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ততালিকে কৰ্মচাৰীসকলে খবৰ দিয়ে আৰক্ষীক ৷ খবৰৰ ভিত্তিত ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ আৰক্ষী চকীৰ নিচেই সমীপতে সংঘটিত উক্ত চুৰিকাণ্ডৰ ঘটনাই নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে ৷

লগতে চাওকঃ মুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.