ETV Bharat / state

বাইহাটা চাৰিআলিত এইয়া কি? পথ নে পথাৰ...

author img

By

Published : Jun 1, 2019, 12:49 PM IST

Updated : Jun 1, 2019, 2:26 PM IST

বাইহাটা চৰিআলিৰ এটা জৰাজীৰ্ণ পথে যমৰ যান্ত্ৰণা ভোগাইছে ৰাইজক ।

পুখুৰী সদৃশ পথেৰে যাতায়ত বাইহাটা চাৰিআলিৰ ৰাইজৰ

বাইহাটা চৰিআলি,1 জুন: গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ২০ কি:মি: নিলগত থকা মুক্তাপুৰ চেপ্তী সংযোগী তেতেলীয়া গ্ৰাম্য পথে দীৰ্ঘদিন ধৰি জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক ৷ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথটো ৷ অঞ্চলটোৰ প্ৰায় 15 খন গাৱঁৰ মানুহ অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে অতিৰিক্তভাৱে বহু দূৰ ঘূৰি যাবলগীয়া হয় ৰাষ্ট্ৰীয় ঘাই পথলৈ। পথটোৰ দুৰৱস্থাৰ ফলত ৰোগীক ঠেলাৰে চিকিৎসালয়লৈ নিব লাগে বুলি অভিযোগ স্থানীয় ৰাইজৰ। বিপদ সংকুলভাৱে বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ ছাত্ৰ ছাত্ৰীসকল। অঞ্চলটোৰ জনপ্ৰতিধিৰ ওচৰত অঞ্চলবাসীয়ে বাৰম্বাৰ আবেদন কৰাৰ পিচতো গুৰুত্ব নিদিয়াত হাতে হাতে কোৰ লৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ। বিধায়ক সত্যব্ৰত কলিতাক পথটো পুনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছে ভুক্তভুগী ৰাইজে ৷

Intro:Baihata road bad condition

V/O:বাইহাটা চৰিআলিৰ এটা পথে যমৰ যান্ত্ৰনা ভোগাইছে ৰাইজক ।গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ২০ কি:মি: নিলগত থকা মুক্তাপুৰ চেপ্তী সংযোগী তেতেলীয়া গ্ৰাম্য পথৰ চাওক বিদ্ধস্ত জৰাজীৰ্ণ ৰূপ।এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথ। অঞ্চলটোৰ প্ৰায় ১৫ খন গাৱৰ মানুহ অহা যোৱা কৰা পথটোৰ দুৰৱস্থাৰ বাবে অতিৰিক্ত ভাবে বহু দূৰ ঘূৰি যাৱ লগীয়া হয় ৰাষ্ট্ৰীয় ঘাই পথলৈ । পথটোৰ দুৰৱস্থাৰ বাবে ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লাগে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । বিপদ সংকুল ভাবে কণ কণ ছাত্ৰ ছাত্ৰীয়ে যালগীয়া হয় বিদ্যালয়লৈ । ৰজাঘৰীয়াৰ ওচৰত অঞ্চল বাসীয়ে বাড়াম্বাৰ আবেদন কৰাৰ পিচতো চকু মেল নোখোৱাত হাতে হাতে কোদাল লৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ । বিধায়ক সত্যব্ৰত কলিতাক পথটো পুনৰ নিৰ্মাণ বাবে টানি অনুৰোধ জনাইছে ভুক্তভূগী ৰাইজে।
বইট:-----
বাইট:-----
Body:.Conclusion:.
Last Updated : Jun 1, 2019, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.