কমলপুৰ, 31 মাৰ্চঃ ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেবাজনো মন্ত্ৰী বিধায়কৰ দৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই দুৰ্গতসকলৰ বাবে ১৫ লাখ টকা অনুদান আগবঢ়াই ৷ তলাবন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সমষ্টিটোৰ লোকসকলে যাতে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন নহয় সেই উদ্দেশ্যেৰে বিধায়ক পুঁজিৰ পৰা ১৫ লাখ টকা আগবঢ়োৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে । ইয়াৰোপৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈও কিছু ধন আগবঢ়াব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ।
সমষ্টিবাসীলৈ 15 লাখ টকা অনুদান বিধায়ক সত্যব্ৰত কলিতাৰ - বিধায়ক সত্যব্ৰত কলিতা
কমলপুৰবাসীৰ সুবিধাৰ্থে সমষ্টি বিধায়কৰ পদক্ষেপ
![সমষ্টিবাসীলৈ 15 লাখ টকা অনুদান বিধায়ক সত্যব্ৰত কলিতাৰ সত্যব্ৰত কলিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6609606-858-6609606-1585659315893.jpg?imwidth=3840)